
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত বৃহস্পতিবাৰে নিশা সংঘটিত ভয়াবহ অগ্নিকাণ্ডত দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠান, ব্ৰইলাৰ দোকান, গাড়ীৰ বিস্তৰ ক্ষতি হয়৷ দেৱস্থান বজাৰত নিশা প্ৰায় এক বজাত সংঘটিত অগ্নিকাণ্ডত দুখন ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে এখন আই-১০ গাড়ী অগ্নিদগ্ধ হয়৷
ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সমীপৰ এখন ব্ৰইলাৰ মুৰ্গীৰ দোকানকো জুয়ে আগুৰি ধৰাত প্ৰায় শতাধিক ব্ৰয়লাৰ মুৰ্গীৰ মৃত্যু হয়৷ হাওৰাঘাটৰ পৰা যোৱা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত আন বহুকেইখন দোকান ৰক্ষা পৰে৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই৷ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে৷