
বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে অসমৰ সীমাৰ সংঘাত নতুন নহয়৷ বছৰ বছৰ ধৰি প্ৰতিখন চৰকাৰে এই সমস্যাক ৰাজনৈতিক কাৰণত সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ লগতে এই সমস্যাক জীয়াই ৰাখি নিৰ্বাচনৰ ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয়৷ অসম-নাগালেণ্ড সীমান্ত, অসম অৰুণাচল সীমান্তত দীৰ্ঘ দিনৰ পৰা সীমা সমস্যাক লৈ অশান্তিৰ পৰিবেশৰ সৃষ্টি হৈ আহিছে৷ বহু মানুহৰ প্ৰাণ গৈছে৷ সম্পত্তি নষ্ট হৈছে৷
দুৰ্বৃত্ত বহু সম্পত্তি দখল কৰিছে৷ সীমান্তত বসবাস কৰা অসমীয়াৰ চাহ গছ কাটি, তামোলৰ গছ কাটি তাণ্ডৱ অব্যাহত ৰাখিছে দুৰ্বৃত্তই৷ অসমৰ ভূমিৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰি আহিছে দুয়ো খন চুবুৰীয়া ৰাজ্যই৷ এনে সময়তে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তি কৰি বৃহত্তৰ নাগালিম গঠনৰ কথা দিশে আগবাঢ়িছে কেন্দ্ৰ চৰকাৰ আৰু NSCN-এ৷ অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং বুলি উমান লাভ কৰি ৰাজপথলৈ ওলাই আহি দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ লগতে অসমৰ সীমাৰ ভিতৰৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুল হুংকাৰ দি আহিছে দল-সংগঠনে৷ তাৰ মাজতে অসম অৰুণাচল সীমান্তৰ চাউলধোৱাত অৰুণাচলীৰ ভয়াবহ আগ্ৰাসন অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ বিহালী সংৰক্ষিত বনাঞ্চলৰ ভিতৰলৈ অৰুণাচলীয়ে ভিতৰলৈ সোমাই আহি অসমৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে৷
অসম-নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে বিগত ১০/১৫ দিন ধৰি প্ৰায় ৭০ বিঘাৰো অধিক অসমৰ ভূমি অৰুণাচলী দুৰ্বৃত্তই বেদখল কৰাৰ অভিযোগ উত্থাপন হয়৷ বন বিভাগৰ সন্মুখতে এফালৰ পৰা অৰুণাচলৰ লোকে আগ্ৰাসন চলাই গৈছে যদিও প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই চৰকাৰে৷ অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি আৰু বিশ্বনাথ জিলা বিপ্লৱী যুৱ সন্থাই এই অভিযোগ উত্থাপন কৰে।
ইতিমধ্যে বেদখল সন্দৰ্ভত দুদিন পূৰ্বে অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতি আৰু বিশ্বনাথ জিলা বিপ্লৱী যুৱ সন্থাই বিশ্বনাথ জিলাৰ উপায়ুক্তক স্মাৰক প্ৰত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিহালী বনাঞ্চলৰ ১৪ হেজাৰ হেক্টৰ মাটিৰ ভিতৰত প্ৰায় ১০ হাজাৰ হেক্টৰ মাটি সম্প্ৰতি অৰুণাচলীৰ বেদখলত।
বন বিভাগৰ নিলিপ্ত ভূমিকাৰ ঐতিহাসিক ৰাজগড় আলি বৰ্তমান অৰুণাচলীৰ দখলত। ১৯৭১ চনৰ আন্ত: ৰাজ্যিক সীমান্তৰ প্ৰায় ৩ কিলোমিটাৰ ভিতৰলৈ অৰুণাচলীয়ে বেদখল কৰি গীৰ্জা, বেটেলিয়ান কেম্প, চক্ৰ বিষয়াৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ লগতে ৪/৫ খন গাঁও স্থাপন কৰিছে৷ অসম চৰকাৰে এই কথাক কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই৷ ২০১৪ চনত ৰাইজে সীমান্ত সুৰক্ষিত কৰিবলৈ ওলাই আহি দুৰ্বৃত্তৰ গুলীত ১৫ অসমৰ নিৰীহ লোকে প্ৰাণ দিব লগা হৈছিল৷ চাউলধোৱা গণহত্যাৰ পিছতো অসম-অৰুণাচল সীমান্তত চৰকাৰে বন বিভাগৰ জড়িয়তে সীমান্তত ৬টা বন নিৰাপওা শিবিৰ নিৰ্মাণৰ কথা কৈছিল।
মাথো ৩ টা শিবিৰ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰে বন বিভাগ তথা জিলা প্ৰশাসনে৷ ২০১৪ চনৰ চাউল ধোৱাৰ যি ঠাইত মানৱ সৃংখল কৰা লোকক অৰুণাচলীয়ে গুলীয়াই নৃশংস ভাবে হত্যা কৰিছিল সেই ঠাইত বিগত কিছু দিন ধৰি পুনৰ অৰুণাচলীয়ে আগ্ৰাসন আৰম্ভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৰুণাচলীয়ে গছ জ্বলাই, মাটি চহাই অসমৰ মাটিত অব্যাহত ৰাখিছে বেদখল৷ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা অসম চৰকাৰক ৰাইজে অৰুণাচল সীমান্ত সুৰক্ষিত কৰি ৰখাৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷