
নগাঁওঃ ক্ৰমান্বয়ে নগাঁও জিলাত মাৰাত্মক এইডছ আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ বৰ্তমান জিলাখনত আছে ৬ শতাধিক এইডছ আক্ৰান্ত ৰোগী আছে৷ সমগ্ৰ দেশৰ লগতে অসমটো বিশ্ব এইডছ দিৱস উদযাপনৰ সময়তে পোহৰলৈ আহিছে এই তথ্য৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ২৭৭ গৰাকী পুৰুষ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ২৫১ গৰাকী৷
ইয়াৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৪৮১ গৰাকী, ধিং এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ১৫ গৰাকী আৰু জখলাবন্ধা এফ আৰ ইউৰ এইডছ নিয়ন্ত্ৰণ কক্ষত ৩২ গৰাকীৰ দেহত ভয়াবহ এইচ আই ভি পজিটিভ ধৰা পৰাৰ তথ্য সন্নিবিষ্ট হৈছে৷ ইফালে, এই এইডছ আক্ৰান্ত সকলৰ ২২১ গৰাকী পুৰুষ, ২২৭ গৰাকী মহিলাৰ লগতে ৩১ টা শিশুৱে নিয়মিতৰূপত চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে৷
ইয়াৰে ৩১টা শিশু এইডছ আক্ৰান্তৰ ১৪টা ল’ৰা আৰু ১৭ টি কন্যা শিশু বুলি জানিব পৰা গৈছে৷ তদুপৰি এইডছ আক্ৰান্তসকলৰ ভিতৰত ৪৪গৰাকী গৰ্ভৱতী মহিলাও আছে৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ মতে, চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈকে ৪০ গৰাকী (পুৰুষ আৰু মহিলা) লোক নতুনকৈ এই ভয়াৱহ ৰোগত আক্ৰান্ত হৈছে৷
কাজেই, এনেদৰে নগাঁও জিলাত এইছ আই ভি পজিটিভৰ বীজাণু ধৰা পোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে৷ স্বাস্থ্য বিভাগে ৰাইজৰ মাজত বিশেষ সজাগতা অনাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণেৰে প্ৰতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিবলৈ নগঞা সচেতন লোকসকলে দাবী জনায়৷