
কোকৰাঝাৰঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত জয়লাভ কৰাৰ পিছতে অংকুশিতা বড়োক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাই থকাৰ সময়তে আজি সদৌ বড়োলেণ্ড টাইকোৱান্ডো সন্থাই খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনায় ৷
উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীত উপস্থিত হৈ শুকুৰবাৰে সদৌ বড়োলেণ্ড টাইকোৱান্ড সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অংকুশিতা বড়োক আৰনাই, মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানত সদৌ বড়োলেণ্ড টাইকোৱান্ডো সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া আৰু সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ এটি দল অংশগ্ৰহণ কৰে৷