জ্ঞানৰ বৰ ঘৰ ৰাজ্যৰ পুথিভঁৰাল সমূহক চৰকাৰে চকু মেলি চাবনে!

প্ৰতিকী ফটো
প্ৰতিকী ফটো

অভয়াপুৰীঃ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল ঘৰ একো একোটা পুথিভঁৰাল৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো একেটা ঠাইতে মজুত থকা একো একো খন বৰ ঘৰ এই পুথিভঁৰাল৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ দিয়ে জ্ঞানৰ ভাণ্ডাৰ পুথিভঁৰালে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথিভঁৰালত থকা পুথি কেইখনে আপোনাক দিয়ে৷ পুথিভঁৰালত আদৰ আৰু নতুনকৈ বৰ্ণনা কৰিব লগা নাই৷

পুথিভঁৰাল থকা ঠাইত জ্ঞানী মানুহ থকা ঠাই বুলি আজিও কব খোজে মানুহে৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ এই কথা যুগে যুগে বহু লোকে কৈ আহিছে৷ কিন্তু সময়বোৰ সলনি হ’ল৷ লাহে লাহে তথ্য আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ হাতলৈ মোবাইল লৈ আহিল৷ সকলোৰে হাতে হাতে এণ্ডৰইড মোবাইল হোৱাৰ ফলত গুগলৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰিলে৷ মোবাইলতে বহু তথ্য লাভ কৰিব ধৰিলে মানুহে৷ বিশ্ব আগশাৰীৰ দেশ বোৰে অনলাইন আলোচনী তথা ই-আলোচনী গ্ৰন্থ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ আমাৰ দেশত তথা ৰাজ্যত লাহে লাহে  কেনে এক ধাৰণা আৰম্ব কৰিলে৷ বাতৰিৰ পৰা আৰম্ভ কৰি সকলো এতিয়া মোবাইলত পাবলৈ আৰম্ভ কৰিলে৷

তাৰ লগে লগে যেন পুথিভঁৰালৰ চাহিদা কমিব ধৰিলে৷ আমাৰ ৰাজ্য খনত কেইখনমান জিলাত পুথিভঁৰালক লৈ মানুহ আজিও ব্যস্ত থকা দেখা যায়৷ বিভিন্ন পুথিভঁৰালত আজিও মানুবৰ সোঁত৷ তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো গ্ৰন্থৰ চাহিদা আৰু পঢ়ুৱৈই আজিও কমা নাই৷ পুথিভঁৰালৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি স্বাধীন ভাৰতৰ চৰকাৰে জিলা, মহকুমা আদি বিভিন্ন স্তৰত পুথিভঁৰাল স্থাপন কৰি ৰাইজ তথা নৱ প্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহা যোগাই তোলাৰ চেষ্টা কৰিছিল।

কিন্ত সময়ৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ইলেকট্ৰনিক মাধ্যমৰ আগ্ৰাসনৰ ফলত ৰাইজ তথা যুৱ প্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক মনোভাৱৰ ফলত যুৱ প্ৰজন্মই গ্ৰন্থ অধ্যয়নতকৈ অন্যান্য বিষয়ত সময় অতিবাহিত কৰাৰ প্ৰৱনতাৰ বাবেই পুথিভঁৰাল সমূহত যুৱ পঢ়ুৱৈৰ সংখ্যা কমিছে৷ পাঠকৰ অভাৱত মূল্যবান গ্ৰন্থ থকাৰ পিছতো কেইটামান বছৰ আগলৈকে ব্যস্ততাপূৰ্ণ পুথিভঁৰাল সমূহলৈ এতিয়া নামি আহিছে নীৰৱতা৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমা পুথিভঁৰালটো। ১৯৯০চনত অভয়াপুৰীত স্থাপন কৰা হৈছিল উত্তৰ শালমাৰা মহকুমা পুথিভঁৰালটো। স্থাপনৰ পিছত কেইটামান বছৰ পাঠকৰে মুখৰিত হৈ থকা পুথিভঁৰালটোৰ পৰিবেশ বৰ্তমান বহু পৰিবৰ্তন হ’ল।বৰ্তমান পুথিভঁৰালটোলৈ আগমন ঘটে তেনেই নগন্য সংখ্যক পাঠকৰহে। পুথিভঁৰাল সমূহৰ ক্ষেত্ৰত চৰকাৰেও গা-এৰা মনোভাব লোৱা দেখা গৈছে৷

উপয়ুক্ত গ্ৰন্থ, বুথিভঁৰাল চোৱাচিতা কৰাৰ বাবে প্ৰযোজনীয় ধন যোগান দিয়া বন্ধ কৰি দিছে চৰকাৰে৷ এগৰাকী লাইব্ৰেৰীয়ান আৰু তিনি গৰাকী কৰ্মচাৰী থকা পুথিভঁৰালটোত পুথি ৰখাৰ সুবিধা নথকাৰ বাবে, প্ৰয়োজনীয় আচ-বাব অভাৱত বহু পথি ৰাইজক প্ৰদৰ্শন কৰিব নোৱাৰাৰো অভিযোগ উত্থাপন হয়৷ পুথিভঁৰালটো স্থাপন হোৱা দুটা দশক পাৰ হল যদিও ভাড়াঘৰতেই চলি আছে। এই ক্ষেত্ৰত সময় থাকোতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অধ্যয়ন সংস্কৃতিয়ে ধ্বংসৰ মুখলৈ আগবাঢ়িব বুলি ভাবিব পাৰি৷ সচেতন লোকসকলে ৰাজ্য খনৰ পুথিভঁৰাল সমূহক শীঘ্ৰে অৰ্থৰ যোগান ধৰি পুনৰ এক পঢ়াৰ বাতাবৰণ গঢ় দিবলৈ আহ্বান জনায়৷