প্ৰেৰণা উৎসৱত অসমৰ মেৰী কমক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী সোণোৱালে

ঢেকীয়াজুলিঃ সুধাকণ্ঠ ভূপেন দাই গাইছিল "এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন" সেই গৰাকী মহান শিল্পীৰ কথাকে সৰোগত কৰি এখন শান্তিপূৰ্ণ আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ আমি খেলকেই মূল শক্তি হিচাপে লৈ আগুৱাব লাগিব৷ খেলে মানুহক একোটা সুস্থ শৰীৰ আৰু মন দিয়ে৷ সেয়ে চৰকাৰে ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কাম কৰি যাম৷ 

এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ শুকুৰবাৰে অসমৰ বক্সিঙৰ ৰাণী স্বৰ্ণ বিজয়ী অংকুশিতাক সম্বৰ্ধনা জনাবলৈ ঢেকীয়াজুলিৰ উলুবাৰী পথাৰত অনুষ্ঠিত কৰা এখন সভা অংশ গ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নচিপত ৰাছিয়াৰ বক্সাৰক হৰুৱাই অসম জীয়ৰী অংকুশিতা বড়োৱে সোণৰ পদক আজুৰি অানি অসমৰ লগতে সমগ্ৰ ভাৰতলৈ যি গৌৰৱ কঢ়িয়াই আনিলে বুলিও কয় সোণোৱালে৷

ঢেকীয়াজুলিৰ উলুবাৰী যুৱক সংঘৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগত অংকুশিতাক সম্বৰ্ধনা যাচে৷ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ সহযোগত প্ৰেৰণা উৎসৱ নামেৰে অনুষ্ঠিত কৰা সভাত দুপৰীয়া প্ৰায় ১২বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

লোকে লোকাৰণ্য হৈ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰা মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত আৰু কয় ক্ৰীড়াৰ জৰিয়তে আমি অসমক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিব লাগিব৷ উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ পৰিবেশ দিবৰ বাবেই বৰ্তমানৰ চৰকাৰ খনে ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৫০০ খন খেল পথাৰ আধুনিক ৰূপত গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী উঠি অহা যুৱক-যুৱতীয়ে যাতে খেলৰ প্ৰতি আগ্ৰহ জগাই আগবঢ়াই দিয়ে তাৰবাবে পিতৃ মাতৃ আৰু শিক্ষক সমাজক আহ্বান জনায়৷

সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল, ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, ছাইৰ সঞ্চালক সুভাষ বসুমতাৰী, এমট্ৰ'নৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা লক্ষ্মী টি কোম্পানী আৰু কলকতাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ কৰ্মকৰ্তা উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অংকুশিতাৰ লগতে আন এগৰাকী ৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ যমুনা বড়ো, অংকুশিতাক বিশেষভাৱে সম্বৰ্ধনা জনাই এক লাখ টকাৰ চেক প্ৰদান কৰে লক্ষ্মী টি কোম্পানীয়ে ৷

আগন্তুক দিনত অসম চৰকাৰৰ সহযোগত ঢেকিয়াজুলিত এখনি ক্ৰীড়া একাডেমি খোলাৰ কথা উল্লেখ কৰে৷ ঢেকিয়াজুলি সমষ্টিত আগন্তুক দিনত এটা উৎকৃষ্ট মানদণ্ডৰ ইনড'ৰ ষ্টেডিয়াম গঢ়ি তোলাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ আনহাতে যোগ্যতা আৰু দক্ষতা থকা সকলো ব্যক্তি-অনুষ্ঠানক ক্ৰীড়া প্ৰতিভা তথা খেলুৱৈক সহযোগিতা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি কিছু দিনৰ পিছতেই অসম চৰকাৰে অংকুশিতালৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ প্ৰায় ১০হাজাৰ লোকৰ উপস্থিত থকা অনুষ্ঠানত বিভিন্ন দল-সংগঠনে সম্ভাষণ জনাই তাৰকা খেলুৱৈগৰাকীক৷