কলেজ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতি

ফাইল ফটো
ফাইল ফটো

চাবুৱাঃ ডিব্ৰগড় জিলাৰ চাবুৱাৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ সংগঠনটোৰ চাবুৱা অঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে নেৰানেপেৰা আন্দোলন অব্যাহত ৰখাৰ সময়তে যোৱা ২৩ নৱেম্বৰৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, এছ এফ আই, মটক যুৱ-ছাত্ৰ সন্মিলন, ডি ৱাই এফ আই, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ-মঞ্চ আৰু নিৱনুৱা পৰিষদ চাবুৱা আঞ্চলিক সমিতিয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে পুনৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিছিল৷

চাবুৱা চাৰিআলিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যাল খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী উত্থাপন কৰে৷ মহাবিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়ণৰ নামত বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজিৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ মহাবিদ্যালয়খনৰ প্ৰবক্তাৰ লগতে অন্যান্য কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ বাবেই ডি ডি আৰ মহাবিদ্যালয়খনিয়ে ২০০৫ বষৰ্ত National Assessment and Accreditation councilৰ পৰা  Great-B লাভ কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ উন্নয়ণৰ বাবে বিশ্ববিদ্যলয় অনুদান আয়োগে আগবঢ়াই অনুদান।

এনে বহু অনুদানৰ ভিতৰত মহাবিদ্যালয়খনিৰ ছাত্ৰী-আৱাস নিৰ্মাণৰ বাবে চল্লিশ লাখ টকাৰ পুঁজি মুকলি কৰি দিয়ে৷ মহাবিদ্যালয়খনৰ ছাত্ৰী আৱাসগৃহ নিৰ্মাণ কাৰ্য যোৱা ছটা বছৰে সম্পূৰ্ণ নহল বুলি সংগঠনকেইটাই অভিযোগ উত্থাপন কৰে৷ ইপিনে আৱাসগৃহটো নিমাৰ্ণ সম্পূৰ্ণ নৌহওঁতেই ভৱটোৰ দেৱালসমূহ চপৰা চপৰে খহিবলৈ আৰম্ভ কৰে। অধ্যক্ষগৰাকীৰ তত্বাৱধানত নিৰ্মাণ কৰা গৃহটো নিৰ্মাণৰ বাবে নিম্ন মানৰ শিল-বালি, চিমেন্ট আদি ব্যৱহাৰ কৰে।

সমগ্ৰ অনিয়মৰ বিৰুদ্ধে সংগঠনটোৱে যোৱা এবছৰে আন্দোলন কৰি অহাৰ লগতে জিলা উপায়ুক্তক তদন্তৰ দাবী উত্থাপন কৰি স্মাৰকপত্ৰ পদান কৰে। যোৱা ১৭ জুনত সংগঠনটোৱে ৰপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে জিলা উপায়ুক্তই ২৬ জুনৰ ভিতৰত তদন্ত ঘোষণা কৰি ১৫ দিনৰ ভিতৰত তদন্তৰ ফলাফল প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু ১৫ দিন দূৰৰ কথা ৩ মাহ উকলি যোৱাৰ পিছতো তদন্তৰ ফলাফল জিলা প্ৰশাসনে প্ৰকাশ নকৰিলে বুলি কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷

যাৰ ফলত পুনৰ  আমৰণ অনশনৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হয় সংগঠনকেইটাই। সংগঠনকেইটা অনশন কাৰ্যসূচী হাতত লোৱাৰ পিছতে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই সংগঠনকেইটাৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাবুৱা ৰাজহ চক্ৰ বিষয়া, ডিব্ৰুগড় জিলাৰ অতিৰিক্তি উপায়ুক্ত আৰু ৮টা সংগঠনৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হয় বিধায়কগৰাকী। আলোচনাত সংগঠনকেইটাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি কৰি অহাৰ কিছু তথ্য দাঙি ধৰে৷

বিধায়কগৰাকীয়ে আলোচনাত উপস্থিত থকা তদন্তকাৰী বিষয়াজনক ১ মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীয়ে চলাই থকা আৰু বিভিন্ন ধৰণৰ অনিয়ম সন্দৰ্ভত বিধায়কগৰাকীক সংগঠনকেইটাই অৱগত কৰাত বিধায়কগৰাকীয়ে সেই বিষয়কেইটাৰ ওপৰতো উচ্চপৰ্যায়ৰ তদন্তৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বিধায়কগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সদায় ৰাইজৰ লগত থাকিম বুলি কৈ দুৰ্নীতিকাৰীসকলক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ৰ মাণদণ্ড উন্নত হৈছে বুলি কৈ ৰাজ্যৰ ১০ খন আগশাৰীৰ কলেজৰ সমকক্ষ হ'বলৈ দাবী কৰে৷ সংগঠনকেইটাৰ মুকলি প্ৰশ্ন ৰাজ্যৰ ১০খন আগশাৰীৰ কলেজৰ সমকক্ষ কি দৰে হ'ল? তাৰ তথ্য সহকাৰে ৰাজহুৱা কৰক। ২০০৪ চনত হোৱা NAACৰ প্ৰথম মূল্যাংকণ মহাবিদ্যালয়খনে B-গ্ৰেড পাবলৈ সক্ষম হৈছিল যদিও ১০ বছৰৰ পিছত ২০১৬ চনত আকৌ NAACৰ মূল্যাংকৰণত কিয় A গ্ৰেড নাপাই B গ্ৰেড পালে বুলি প্ৰশ্ন কৰে সংগঠনকেইটাই৷

নিয়মীয়াভাৱে আলোচনী প্ৰকাশ নকৰা, আলোচনী প্ৰকাশ নকৰা স্বতেওঁ ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা পুঁজি ঘূৰাই নিদিয়া, ইউজিচিৰ ব্লেক লিষ্টেডত অন্তভূক্ত হৈ ইউজিচি পুজিৰ পৰা বঞ্চিত হৈ কিদৰে মহাবিদ্যালয়খন অসমৰ আগশাৰীৰ মহাবিদ্যালয়লৈ পৰিণত হ'ল তাক ৰাজহুৱা কৰিবলৈ সংগঠনটোৱে অধ্যক্ষগৰাকীক আহ্বান জনাই। লগতে আন্তঃগাঠনিৰ উন্নয়ণৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীক সংগঠনকেইটাই প্ৰশ্ন কৰে যে গেটৰ টোৰণ, বাৰাণ্ডা, অধ্যক্ষৰ কোঠা আৰু কাৰ্যালয়ত লগোৱা মাৰ্বল বা টাইলছে আন্তঃগাঠনিৰ উন্নতি সূচাই নেকি বুলিউ উভতি ধৰে৷