
নামতিঃ নগা ফ্ৰেমৱাৰ্ক চুক্তিক লৈ ৰাজ্যৰ উত্তাল হৈ থকাৰ মাজতে অসমৰ এজন ব্যৱসায়ীক নগালেণ্ডৰ উগ্রপন্থীয়ে অপহৰণ কৰি নির্মম ভাৱে মাৰপিট-ধনদাবী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱতী হালোৱাটিঙত৷ জানিব পৰা মতে, যোৰহাট জিলাৰ নকছাৰীৰ ঘনশ্যাম মিশ্ৰ নামৰ কয়লা ব্যৱসায়ীজনে নাগালেণ্ড পেটত ভাৰাঘৰ লৈ দীর্ঘদিনৰ পৰা ব্যৱসায় চলাই আহিছিল।
নগালেণ্ডত কবিৰাজ হিচাপে পৰিচিত ব্যৱসায়ীজন চলিত সপ্তাহৰ মঙলবাৰে আত্মীয়ৰ ঘৰত ৰাগীৰ খবৰ লবলৈ যাওঁতে নিশা প্রায় ৯-৩০ বজাত নগালেণ্ড টুলী পেপাৰ মিলৰ সমীপত চাৰি জনীয়া অস্ত্রধাৰী নগা যুৱকৰ দলে অপহৰণ কৰে। অপহৰণ কৰি দলটোৱে ব্যৱসায়ীজনক ভৰি, পেট, হাত আৰু বুকুত নির্মমভাৱে লাঠিৰে অত্যচাৰ চলোৱাৰ লগতে মুখত পিষ্টল ভৰাই ১ লাখ দাবী কৰে।
চাৰিজনীয়া অস্ত্রধাৰী নগা দলটোৱে পৰিয়ালটোক ১ লাখ টকা দাবী কৰি মৃত্যুৰ ভাবুকী দিয়ে। উল্লেখ্য যে, নগালেণ্ড গেটৰ সমীপৰ একাট' নামৰ মালিকৰ গৃহত ভাৰাঘৰত থকা ঘনশ্যাম মিশ্রৰ অপহৰণৰ ঘটনা পোহৰলৈ অহাত ঘনশ্যাম পত্নী ৰাওনা হয় যদিও নিজ স্বামীক বিচাৰি নাপায়। বুধবাৰে নিশা অপহৰণ কাৰী কবলৰ পৰা নাটকীয় ভাৱে পলাই আহি জংঘলে জংঘলে নগা পৰিয়াল এটাৰ ঘৰত গৃহত আশ্রয় লয়।
নগা পৰিয়ালটোৱে ঘনশ্যামক চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলাৰ অন্তত এখন গাড়ীৰে নগালেণ্ড গেট পাৰ কৰায় হালোৱাটিঙত থৈ যায়। ব্যৱসায়ী জনে জানিবলৈ দিয়া অনুসৰি অস্ত্রধাৰী দলটো নগা এনএচচিএনৰ কেডাৰ আছিল। ব্যৱসায়ী জনৰ AS-03L-6677 টিভিএছ মটৰ চাইকেল আৰু দুটাকৈ মবাইল অপহৰণকাৰীৰ কৱলত আছে। ইতিমধ্যে ভুক্তভোগী ব্যৱসায়ী ঘনশ্যাম মিশ্রই ঘটনা সন্দর্ভত হালোৱাটিং এজাহাৰ দাখিল কৰিছে।