বিজেপিৰ কৰ্মীৰ বৰ্বৰ আক্ৰমণত আহত হ’ল অগপৰ কৰ্মী

হাজোঃ অগপ-বিজেপিয়ে চৰকাৰ একেলগে চলি আছে যদিও তৃণমুল কৰ্মীৰ হে মিল নাই৷ এই কথাকে প্ৰতিপন্ন কৰিলে শুকুৰবাৰে৷ মিত্ৰ দল অগপৰ কৰ্মীক আক্ৰমণ কৰিলে বিজেপি কৰ্মীয়ে৷

কামৰূপ জিলাৰ হাজোত অগপ দলৰ কাউন্সিলাৰ আতাউৰ ৰহমানক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে জিয়াউল হক আৰু ৰেজাউল হক নামৰ দুই বিজেপি কৰ্মীয়ে।

বিজেপি কৰ্মীদুজনৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হোৱা অগপ কাউন্সিলাৰ আতাউৰ ৰহমানক  উন্নত চিকিৎসাৰ কাৰনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হয়। হাজো অঞ্চলৰ সচেতন ৰাইজ আৰু বিভিন্ন ব্যক্তি সংগঠনে আক্ৰমনৰ ঘটনাক তীব্ৰ গৰিহনা দিয়ে।