ৰাজ্যজুৰি বিশ্বত এইডছ দিৱস পালন, নলবাৰীত হাইস্কুল শিক্ষক

নলবাৰীঃ শুকুৰবাৰে সমগ্ৰ বিশ্বত এইডছ দিৱস পালন কৰা হয়৷ প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত পালন কৰা হয় এই দিৱস। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইডছৰ ভয়বহতা সম্পৰ্কে প্ৰচাৰ কৰা হয়৷ সজাগতা সৃষ্টি কৰাৰ লগতে এই দিনটো এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰচাৰ, প্ৰসাৰ কৰে। এই দিৱসটো আমাৰ অসমতো পালন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব এইডছ দিৱস পালন কৰা হয়৷ কেইবাখনো চিকিৎসালয়, ৰাজ্য চৰকাৰ স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে এই দিৱস পালন কৰে৷ তাৰ মাজতে অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰঙিয়া জিলা সমিতিয়ে শুকুৰবাৰে সাংবাদিক মজিবুৰ ৰহমানৰ পৰিচালনাত চলি থকা নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমৰ আৱাসীৰে দিনটো পাৰ কৰে। আৱাসী সকলৰ সুখ-দুখৰ বুজ লোৱাৰ লগতে আৱাসী সকলক একোখনকৈ গামোছা, গৰম কাপোৰ, ফল-মূল বিতৰণ কৰে। সংস্থাটোৰ নেতৃত্বই এনেদৰে কটাই তথা আৱাসী সকলৰ ব্যৱহাৰ তথা পৰিচালকৰ যতন দেখি অভিভূত হৈ পৰে।

সংস্থাটোৰ ৰঙিয়া জিলা সমিতিৰ উপ-সভাপতি প্ৰবীৰ কুমাৰ বড়ো, সম্পাদক বিপুল চক্ৰৱৰ্তী, সহ সম্পাদক মোহন মাধৱ বৰ্মন, সাংগঠনিক সম্পাদক ভবেশ নাথ, মনেশ্বৰ ডেকা, শিক্ষক সংস্থাৰ ৰঙিয়া গোটৰ সম্পাদক পংকজ পল্লৱ শৰ্মা, হাইস্কুল শিক্ষক সংস্থাৰ নলবাৰী জিলা সভাপতি ৰবি ডেকা, সম্পাদক উমেশ দাস, ৰঙিয়াৰ শিক্ষাবিদ ৰফিক উদ্দীন আহমেদ, নলবাৰী জিলা শিল্পী সন্থাৰ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই আশ্ৰমত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি ভাষন ৰাখে।

অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলা পৰিষদৰ সভাপতি দেবব্ৰত কলিতাই ভাষনত কয় যে সাংবাদিক মজিবুৰ ৰহমানৰ মহানুভৱতাই আমাক চকু মেল খুৱাইছে।গতিকে সমগ্ৰ অসমবাসীয়ে ৰহমানৰ কাষত থিয় দিয়ক। সাংস্কৃতিক কৰ্মী তথা শিক্ষক নেতা পংকজ পল্লৱ শৰ্মাই ভাষনত কয় যে অসহিষ্ণুতাই আমাৰ সমাজ দূষিত কৰি পেলোৱা যুৱক যুৱতী চামক নলবাৰীৰ এই আশ্ৰমক আহি মানৱতাৰ শিক্ষা লবলৈ আহ্বান জনায়। শিক্ষক সংস্থাৰ সদস্য সকলৰ  আহ্বান মৰ্মে আশ্ৰমৰ জ্যেষ্ঠ আৱাসী নৰনাৰায়ণ দত্তই কয় যে মই আশ্ৰমত ভৰি থৈয়ে এখন স্বৰ্গপুৰীত প্ৰৱেশ কৰা বুলি অনুভৱ কৰিছো। যত মিলা প্ৰীতিৰে, হাঁহি ধেমালিৰে দিন  অতিবাহিত কৰিছো ২৬ গৰাকী আৱাসী।