কলিয়াবৰত মইনা পাৰিজাতৰ অধিবেশনৰ লাই খুঁটা স্থাপন

কলিয়াবৰঃ শিশু, কিশোৰ-কিশোৰীক প্ৰতিভা বিকাশৰ বাবে এখন উপযুক্ত মঞ্চ জিয়াৰ বাবে কাম কৰি আহিছে সদৌ অসম মইনা পাৰিজাত নামৰ অনুষ্ঠানটোৱে৷ শিশু কল্যাণৰ লগতে শিশুক একত্ৰিত কৰি সৰ্বাংগীন বিকাশ সাধনৰ বাবে কাম কৰি আহিছে এি সংগঠনটোৱে৷

ৰাজ্য খনত শিশুৰক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি শিশুৰ কিশোৰ-কিশোৰীৰ হৈ কাম কৰা সংগঠনটোৱে নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত হ’ব ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশন৷ ২৬-২৯ ডিচেম্বৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলি থকা বুলি জানিব পৰা গৈছে৷

শুকুৰবাৰে মুল মণ্ডপৰ লাই খুঁটা স্থাপন কৰা হয়৷ অধিবেশনৰ লাইখুঁটা স্থাপন কৰে সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি মিন্টুমনি দত্তই৷ অনুষ্ঠানত ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা ৩০০০ কণ কণ মইনা আৰু তেওঁলোকৰ অভিভাৱক সকলে অংশ গ্ৰহণ কৰিব।