অসম দিৱসত সোণাৰিৰ ৰাজপথত একতাৰ ঐক্যতান, সদায় এক হৈ থকাৰ বাৰ্তা

চৰাইদেউঃ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিয়াৰ হোতা আহোমৰ প্ৰথম ৰজা ৰাজকুমাৰ চ্যুকাফাক শুকুৰবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে স্মৰণ কৰে৷ বৰ্ণিল আহোম সাম্ৰাজ্যৰ গুৰি ধৰোতা তথা এই সাম্ৰাজ্যৰ প্ৰতিস্থাপক ৰাজকুমাৰ চ্যুকাফা তথা অসম দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউৰ সোণাৰিত পালন কৰে৷

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা চ্যকাফা দিৱসত শনিবাৰে পুৱাই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই শোণাৰিবাসীক মোহিত কৰে৷ ৰাজ্যৰ খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি পৰম্পৰাগত নৃত্যৰ দল, সাংস্কৃতিক দলে বৰ অসমৰ ঐক্য-সংহতিৰ এনাজৰী সদায় কটকটীয়া হৈ থাকিব তাৰেই বাৰ্তা দিয়ে অসমীয়া জাতিক৷

সোণাৰিৰ ভগবতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা চ্যুকাফা দিৱসত টাই আহোম, মিচিং, চাহ জনগোষ্ঠী, বড়ো, জিকিৰৰ দলকে ধৰি অসমৰ বহুকেইটা জনগোষ্ঠীৰ সাংস্কৃতিক দল আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ কেইবাটাও নগা সাংস্কৃতিক দলে প্ৰতিকী চাওলুং চ্যুকাফাক লৈ সাংস্কৃতিক শোভাযাত্ৰাৰে অসম জাতিয় জীৱনৰ পৰা সকলো সংকট দূৰ হৈ অসম সান্তি, প্ৰগতিৰ কামনা কৰা হয়৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে৷

উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত ফুকনে সাতৰাজ সামৰি এক ৰাজ গঢ়ি বৰ অসম গঢ়োতা চাওলুং চ্যুকাফাৰ আদৰ্শৰে সকলোকে আগবাঢ়িবলৈ আহ্বান জনাই৷ সাতামপুৰুষীয়া ঐক্য সংস্কৃতিৰ বান্ধোন অটুট ৰাখিবলৈ অনুৰোধ জনাই৷ সোণাৰি নগৰ পৰিভ্ৰমণ কৰি সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰে৷ তাৰ লপিছতে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় য'ত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ লগতে ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেছনৰ সভাপতি কৈৱাং কন্যাক, অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ উপৰিও নগা সংগঠনৰ বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে৷

সন্ধিয়া অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ৷ ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত প্ৰথমে চ্যুকাফা দিৱস পালন কৰা হৈছিল৷ কেইবাটাও জাতীয় সংগঠনে সেই দিনটো চ্যুকাফা দিৱস হিচাপে পালন কৰি এই দিনটোক চ্যুকাফা দিৱস হিচাপে চৰকাৰক স্বীকৃতি দিবৰ বাবে দাবী জনাই আহিছে ৰাজ্যৰ দল-সংগঠনে৷ বৰ-অসম গঢ়াৰ খনিকৰ চ্যুকাফাৰ অৱদানক স্মৰণ কৰাৰ লগতে যুগমীয়া কৰি ৰাখিবৰ ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ‘‘অসম দিৱস’’ নতুবা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে।

১৯৮৭ চনৰ পৰা  এই দিৱস পালন কৰি অহা হৈছে৷ চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ ভূখণ্ডত থি দিয়াৰ ঐতিহাসিক স্মৃতিক যুগমীয়া কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত এই দিৱস পালন কৰা আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰা সমগ্ৰ অসমতে চ্যুকাফা দিৱসৰ পালন কৰা হয়৷