কাছাৰৰ কাগজ মিল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব AIUDF-এ

হাইলাকান্দিঃ কাছাৰৰ অশোক কাগজ কল দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাত অসমৰ উদ্যোগ খণ্ডত এক বৃহৎ ক্ষতিৰূপে চিহ্নিত হৈ আহিছে। সেয়েহে অশোক কাগজ কলটো কাৰ্যক্ষম কৰাৰ দাবীত ৰাইজে বহুবাৰ গণ আন্দোলন কৰি আহিছে যদিও আজিলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ শেহতীয়াকৈ ইউ ডি এফৰ বৰাক উপত্যকাৰ তিনি জিলা সমিতিয়ে অশোক কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে চৰকাৰক৷

কাগজ কলটো পুনৰ মুকলি কৰাৰ দাবীত গণ আন্দোলনৰ ভাবুকি প্ৰদান কৰ দলটোৱে। বৰাকৰ ৰূপকাৰ ভাৰতৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী মইনুল হক চৌধুৰীৰ বৰাক ভেলীত বৃহৎ উদ্যোগ স্থাপন কৰাত, বিশেষকৈ অশোক কাগজ কল স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ অসমৰ সম্পদ এই কাগজ কলটো পূৰ্বৰ চৰকাৰ বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰে৷ বহু সময়ত এই কাগজ কলটো পুনৰ আৰম্ভ কৰিবলৈ বৰাককে ধৰি সমগ্ৰ অসমত আন্দোলন হৈ আহিছে৷

কাগজ কলটো বন্ধ হোৱাৰ ফলত বহু লোকৰ কৰ্মসংস্থাপন হেৰাইছে, ইয়াৰ কৰ্মৰত লোকসকলৰ লৰা ছোৱালীক শিক্ষা দীক্ষা দিয়াটো তেওঁলোকৰ পক্ষে কঠিন হৈ পৰিছে৷ কৰ্মচাৰীসকলৰ লৰা-ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে৷ যদিও এই বিষয়বোৰ লৈ বহু সময়ত পূৰ্বৰ চৰকাৰৰ দিনত প্ৰতিবাদ হৈছিল তথাপিতো ইয়াৰ কোনো সুফল আজিকোপতি দেখা নগল৷ পূৰ্বৰ চৰকাৰৰ পদাংক অনুসৰণ কৰি বৰ্তমান চৰকাৰেও এই উদ্যোগটোক লৈ কোনো বিশেষ পদক্ষেপ নোলোৱাত গণবিক্ষোভে দেখা দিছে৷

ইউ ডি এফৰ ছাত্ৰ সংগঠন সংযুক্ত গণতান্ত্ৰিক ছাত্ৰ মৰ্চাৰ উদ্যোগত বিজেপি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে ইতিপূৰ্বে কাগজ কলটো পুনৰ প্ৰচলনৰ বাবে আন্দোলন গঢ়ি তুলিছিল৷ কিন্তু ইয়াৰ কোনো সুফল নোপোৱাত দলটোৱে বৃহৎ গণ আন্দোলনৰ প্ৰস্তুতি চলাইছে৷ এই উদ্দেশ্যে পাচগ্ৰামৰ বিশিষ্ট সমাজসেৱক তথা ইউ ডি এফৰ নেতা হাজি খলিল উদ্দিন মজুমদাৰৰ উপস্থিতিত আলগাপুৰৰ বিধায়ক ভাতৃ আব্দুল মালিক চৌধুৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷

সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফৰ নেতা খলিলউদ্দিন মজুমদাৰ, দলটোৰ কাছাৰ জিলাৰ মুখপাত্ৰ মৌলানা এনামুল্লাহ, কৰিমগঞ্জ জিলা পৰিষদৰ প্ৰাক্তন সদস্য মৌলনা আব্দুল ৰৌফ, হাফিজ ফকৰুল ইচলাম সহ তিনিখন জিলাৰ হৈ কৰিমগঞ্জ জিলাৰ সাধাৰণ সম্পাদক এ জেদ এম ইকবাল খান কাছাৰৰ সভাপতি সবিৰ আহমদ লস্কৰ হাইলাকান্দিৰ সভাপতি চহিদুল আলম মজুমদাৰে শীঘ্ৰে কাগজ কলটো কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে৷