
আমগুৰিঃ তিনি পূৰ্বে অসমৰ মাটিত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিয়াৰ পিছত শুকুৰবাৰে নিশা দাবী কৰা ধন নিবলৈ আহি অস্ত্ৰ সহ এনএছচিএনৰ দুই কেডাৰ আৰক্ষীৰ জালত পৰে৷ এই কাণ্ড সংঘটিত কৰে তিনিচুকীয়া জিলাৰ লিডুৰ টিকক পাহাৰত৷ ৰাজ্য চৰকাৰৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবে অসমৰ ভূমিত NSCN (IM)ৰ দাদাগিৰী অব্যাহত আছে৷ এতিয়া ইচ্ছা গ’লেই বিনা দ্বিধাই NSCN (IM)ৰ লোক সোমাই সন্ত্ৰাস সৃষ্টি কৰি অনায়াসে উভতি যাব পাৰে৷
কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত NSCNৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে৷ নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হোৱাৰ সমসাময়িকভাৱে অসম নগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত নগাৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ সময়তে এইবাৰ আমগুৰিৰ অসম নগালেণ্ডৰ সীমান্তৱৰ্তী হালোৱাটিঙত পোহৰলৈ আহিছে অনুৰূপ এক ঘটনা।
কৰ্মসূত্ৰে হালোৱাটিং এলেকাৰে নগা গেটৰ এটা ভাড়াঘৰত বাস কৰা যোৰহাট জিলাৰ নকছাৰী তিৰোৱাল গাঁৱৰ নিবাসী ঘনশ্যাম মিশ্ৰ নামৰ ব্যৱসায়ীজন যোৱা মহলবাৰৰ নিশা ন’ মান বজাত নগা দুৰ্বৃত্তৰ দ্বাৰা অপহৃত হয়। নিজা AS-03 L-6677 নম্বৰৰ TVS মটৰচাইকেল লৈ গৈ থকা অৱস্থাত মোককচাং জিলাৰ তুলি পেপাৰ মিল এলেকাতে লোকজন নগা দুৰ্বৃত্তৰ মুখামুখি হয়। চাৰিটাকৈ নগা দুৰ্বত্তই NSCNৰ আৰ্মি বুলি পৰিচয় দি লোকজনক সমীপত নগা গাঁৱলৈ লৈ যায়।
তাৰে এঘৰত ওৰে নিশা বেত আৰু বন্দুকৰ কুন্দাৰে লোকজনৰ ওপৰত অমানুষিক শাস্তি চলাই একলাখ টকাৰ মুক্তি পন দাবী কৰে। ইয়াৰ অন্যথাই গুলীয়াই দিয়াৰ ভাবুকি দিয়ে দুৰ্বৃত্তই। সেনাৰ চোৰাংচোৱাৰ সন্দেহতে এনেদৰে শাস্তি দি আটক কৰি থোৱা বুলি লোকজনক জনায় যদিও ইয়াত নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰে প্ৰভাৱৰ কথা নুই কৰিব নোৱাৰি। বুধবাৰে অপহৃত লোকজনে উক্ত স্থানৰ পৰা পলায়ন কৰি এজন বন্ধুৰ সহায়ত অৱশেষত হালোৱাটিং বজাৰলৈ আহে। হালোৱাটিং আৰক্ষীয়ে এই সন্দৰ্ভত লোকজনৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজো কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷ একাংশ দল-সংগঠনে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়।