
নামতিঃ সমগ্র ৰাজ্যৰ লগতে আজি সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলাৰ বৰুৱাপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বটদ্ৰৱা সাংস্কৃতিক গোষ্ঠীৰ সহযোগত নামতিয়াল নামঘৰ প্ৰাংগনত চ্যুকাফা দিৱস পালন কৰে৷ বন্তি প্রজ্বলন কার্যসূচীৰ আয়োজন কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে সমাজ কর্মী নৃপেন গগৈয়ে বন্তি প্রজ্বলন কৰি আহোম ৰাজত্ব কালৰ এক বিস্তৃত্ব বর্ণনা দাঙি ধৰি কয় য়ে, অসমীয়া জাতিৰ পৰিচয়, অসমীয়াৰ ভৱিষ্যৎ স্বর্গদেও চ্যুকাফাৰ আদর্শ ওপৰতেই নিহিত হৈ আছে।
আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক নিলোৎপল কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত অৱসৰ প্রাপ্ত প্রধান শিক্ষক বীৰেন শইকীয়া, শিক্ষাবিদ উৎপল নেওগ, মানিক তামুলী, সমাজ কর্মী কুমুদ তামুলী, শিক্ষয়িত্রী দীপাঞ্জলী শইকীয়া, বটদ্ৰৱা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি সীমান্ত গগৈ আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ কার্যকৰী সভাপতি প্রকাশ গগৈ, সাধাৰণ সম্পাদক নুপুৰ নেওগ, এনএচইউআই আমগুৰি সমষ্টিৰ সম্পাদক প্রাণজিৎ ভূঞাৰ লগতে বহু ব্যক্তিয়ে এগছিকৈ বন্তি প্রজ্বলন কৰি চুকাফাৰ কর্মজীৱনৰ ওপৰত আলোকপাত কৰে।