ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক বিদায়

নলবাৰীঃ নলবাৰী চহৰস্থিত ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অৰুণ চন্দ্ৰ মহন্তক ৰাজ্য চৰকাৰে নগাঁও লৈ বদলি কৰা বাবে চিকিৎসালয় খনৰ চিকিৎসক তথা কৰ্মচাৰী সকলে বিদায় সম্ভাষন জ্ঞাপন কৰে।

তদুপলক্ষে হোৱা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা,নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চিত্তৰঞ্জন পাঠক, চিকিৎসালয় খনৰ উপ-অধীক্ষক ডাঃ সুবোধ শৰ্মা, ডাঃ অৰুণ বৰ্মন,ডাঃ কামেশ্বৰ লহকৰ, কৰ্মচাৰী ইমৰুল হক সহ আন চিকিৎসক-কৰ্মচাৰী সকল  উপস্থিত থাকে।

অনুষ্ঠানত বদলিকৃত অধীক্ষক ডাঃ মহন্তই বিদায় সম্ভাষন গ্ৰহণ কৰি নষ্টালজিক হৈ পৰে। অনুষ্ঠানত বিধায়ক অশোক কুমাৰ শৰ্মা উপস্থিত থাকি কৰ্মক্ষেত্ৰত নীতি নিয়ম মানি চলা তথা দক্ষতাৰ পৰিচয় দিয়া চিকিৎসক, বিষয়া-কৰ্মচাৰীক হে একেলগে কৰ্মৰত ষ্টাফে সম্ভাষন জ্ঞাপন কৰে বুলি দোহাৰি তেওঁক শুভেচ্ছা জনাই। অনুষ্ঠানত চিকিৎসালয় খনৰ আন চিকিৎসক তথা কৰ্মচাৰীয়ে অধীক্ষক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগত কাম কৰা অভিজ্ঞতা সোঁৱৰে।