ব্ৰহ্মপুত্ৰত সন্ধানহীন বৰভিটাৰ দশম শ্ৰেণীৰ ছাত্ৰ

গোৱালপাৰাঃ এগৰাকী দশম ছাত্ৰৰ অকাল মৃত্যুত শোক ছাঁ পৰে গোৱালপাৰাৰ জিলাৰ খৰমুজাৰ অন্তৰ্গত বৰভিটা অঞ্চলত৷ বৰভিটা গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ এজনে সমনীয়াৰ সৈতে গা ধুব গৈ সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, বৰভিটা গাঁৱৰ গোবিন্দ মেধিৰ পুত্ৰ সঞ্জয় মেধি (১৫)য়ে চাইকেলেৰে সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুব যায়৷

গাধুই থকা অৱস্থাত নদীৰত ডুব যায়। সঞ্জয়ে পানীৰ ডুব যোৱাত সমনীয়াই হুৱা-দুৱা লগাই ওচৰ-চুবুৰীয়াক খবৰ দিয়ে৷ স্থানীয় লোকে ছাত্ৰ জনক উদ্ধাৰৰ চেষ্টা চলায় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ অৱশেষত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এচ ডি আৰ এফ বাহিনীক খবৰ দিয়ে৷

ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ যদিও নিশাৰ ভাগত উদ্ধাৰ অভিযান চলাবলৈ সক্ষম নহল বুলি জানিব পৰা গৈছে৷ বৰভিটা হাই স্কুলৰ দশম মান শ্ৰেণীৰ ছাত্ৰ সঞ্জয় মেধিৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷