
মঙলদৈঃ পুৱাৰে পৰা তেওঁ ঘৰ খনত হাঁহি ধেমালি কৰি আছিল৷ চোতাল খনৰ ইফাল-সিফাল ঘুৰি ফুৰিছে তেওঁ৷ তাৰ মাজতে পিতৃয়ে পুখুৰীত মাছ মাৰিবলৈ গৈছিল৷ দেউতাকে গম নোপোৱাকৈয়ে পিছে পিছে গৈছিল তেওঁ৷
পিতৃয়ে মাছ মাৰি ঘৰলৈ উভতি আহে৷ কিছু সময় পিছতে মাতৃয়ে তেওক বিছাৰে৷ মাতৃয়ে তেওঁক বিছাৰি নাপায় ইফাল-সিফাল চাব ধৰে৷
লাহে লাহে ঘৰ খনত হাহাকাৰ লাগে৷ পিছত কিছু সময় পিছতে পুখুৰীৰ পৰা উদ্ধাৰ হ’য় তেওৰ মৃতদেহ৷ নাম তেওঁৰ মনিময় বৰাৰ৷ বয়স ৬ বছৰ৷ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাৰ ছোটো নগাঁৱৰ ৰূপম বড়াৰ পুত্ৰ মনিময় বড়া৷ সকলোকে কন্দুৱাই থৈ গ’ল তেওঁ৷