
নলবাৰীঃ নলবাৰী চহৰৰ এজন ব্যৱসায়ী, উদিয়মান যুৱক শুকুৰবাৰে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লয়। বৰসৰকুছিৰ বাসিন্দা তথা নলবাৰী চহৰৰ পি এন চি পথৰ 'মা কালী মেডিকেল হল' নামৰ ফাৰ্মাচীৰ গৰাকী সমুজ্জ্বল শৰ্মা (৩৩) নিশা এখন বিয়াৰ পৰা মটৰ চাইকেলেৰে গৃহাভিমুখে গৈ থকা অৱস্থাতে চহৰৰ ৰেল গেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে৷
ফলত থিতাতে নিহত হয় তেও। পিচত একে পথেৰে বিয়াৰ পৰা অহা কেইজনমান বন্ধুৱে ভয়ানক দুৰ্ঘটনাটোত পতিত হোৱা যুৱকজনক প্ৰত্যক্ষ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যুবৰণ কৰিছিল। সমুজ্জ্বলৰ অকাল মৃত্যুতনলবাৰী চহৰ তথা বৰসৰকুছি অঞ্চলত গভীৰ শোকৰ ছাঁ।