বিদ্ৰোহী বিছৰাৰ নামত থলুৱাক হাৰাশাস্তি, ওদালগুৰি বন্ধ দিয়াৰ হুংকাৰ

ওদালগুৰিঃ বিদ্ৰোহী সংগঠনৰ নেতা-সদস্য বিছৰাৰ নামত খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে সেনা-আৰক্ষীৰ বিৰুদ্ধে৷ শুকুৰবাৰে পুৱতি নিশা সেনা আৰক্ষীৰ মুৰৰ কামোৰনি হৈ পৰা আলফা স্বাধীনৰ দুধৰ্ষ নেতা ছাৰ্জেন্ট মেজৰ ৰাজেন ডেকাৰ এক সংঘৰ্ষত জিল খনত মৃত্যু হয়৷ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ খৈৰাবাৰী গাঁৱৰ কুশেশ্বৰ ডেকাৰ বাসগৃহত সেনা আৰক্ষীৰ হাতত নিহত হয় ডেকা৷

এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা একাংশ লোকক সেনা-আৰক্ষীয়ে হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্ৰোহী সংগঠনৰ নেতা-সদস্য বিছৰাৰ নামত আতংকৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ থলুৱা যুৱকক বিছৰাৰ নামত সেনা-আৰক্ষীয়ে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত বসবাস কৰা নিৰপৰাধী কোচ ৰাজবংশী লোকক ওদালগুৰি প্ৰশাসন তথা সেনাই হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ওদালগুৰি কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে।

জিলা সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা আৰু আনন্দ শইকীয়াই এক বিবৃতি যোগে সংগঠনটোৱে বিগত কিছুদিনৰ পৰা উগ্ৰপন্থী বিচৰাৰ নামত জিলাখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কোচ ৰাজবংশী লোকক সেনা তথা প্ৰশাসনে হাৰাশাস্তি কৰি আহিছে।

বিগত ২ ডিচেম্বৰত বজাত কলাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাকীমুৰী গাঁৱৰ নিৰপৰাধী ছাত্ৰ, যুৱক, কৃষকক প্ৰশাসনে আটক কৰে অত্যাচাৰ কৰে৷ প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান দিয়ে সংগঠনটোৱে। আটকাধীন নিৰপৰাধী লোকসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত লোকসকলক মুকলি কৰি নিদিলে অনিৰ্দিষ্টকালীন ওদালগুৰি জিলা বন্ধ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে।