
খেৰণিঃ কাৰ্বি আংলঙৰ ডংকামোকামস্থিত বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিত দেওবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাৰ গৃহসমষ্টি বিথুং-ৰেংথেমা সমষ্টিত ভূমি উন্নয়ন, কেঁচু-সাৰ উৎপাদন, পুখুৰী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰংখাং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে৷
বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, ৰংখাং বহুমূখী সমবায় সমিতিৰ অধ্যক্ষ মংগলছিং বে, কনিষ্ঠ অভিযন্তা, গ্রাম সেৱক, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাং লগতে অঞ্চলটোৰ স্থানীয় লোক উপস্থিত থাকে আধাৰশিলা স্থাপনত।
ৰংখাং খণ্ড উন্নয়নৰ বিষয়-ববীয়াৰ উপস্থিতিত কামৰ হাঞ্চে গাঁৱত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ২ লাখ টকাৰে কেঁচু-সাৰ উৎপাদন, ১ লাখ টকা ব্যয়েৰে মীন-পালনৰ পুখুৰী নিৰ্মাণ, ৫০ হাজাৰ টকাৰে হিতাধিকাৰী চনি অধিনৰ নাৰ্ছাৰী স্থাপনৰ লগতে বৃহত্তৰ চংকান গাঁৱত ২ লাখ টকা ব্যয় অবন্টনেৰে ক্ৰমে পানী সংৰক্ষণ ব্যৱস্থা, ভূমি উন্নয়ন, ২ লাখ টকা ব্যয় অবন্টনেৰে কেঁচু-সাৰ উৎপাদন আঁচনি আৰু ৫০ হাজাৰ টকা ব্যয়ৰে নাৰ্ছাৰী স্থাপনৰ আধাৰশিলা স্থাপন কৰে বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপিয়ে। আধাৰশিলা স্থাপন কৰি অধ্যক্ষ ৰামচন ৰংপিয়ে ৰংখাং খণ্ড উন্নয়নক স্থানীয় ৰাইজে প্ৰতিটো পলতে সহায়-সহযোগ কৰি প্ৰত্যেকখন আঁচনি সফলভাৱে ৰূপায়ণ কৰিবলৈ আগভাগ লবলৈ আহ্বান জনায়৷