ভ্ৰাম্যমাণ থিয়েটাৰৰ অশুভ পৰিৱেশৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হওঁক নলবাৰীৰ পৰা

নলবাৰীঃ নলবাৰীৰ বিহামপুৰস্থিত 'প্ৰেৰণা পুথিভঁৰালৰ সাহিত্য-সমাজ-সংস্কৃতি বিষয়ক অনুষ্ঠান 'সাধনা সাহিত্য চ'ৰাৰ ২০১ সংখ্যক বৈঠক দিনজোৰা কাৰ্যসূচীৰে ভ্ৰাম্যমাণ অনুৰাগী মঞ্চ, অসম আৰু প্ৰেৰণা পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। গল্প, কবিতা, নাটক আদি পাঠ, আলোচনাচক্ৰ, গীত-মাত পৰিবেশ আৰু চিত্ৰকলা প্ৰদৰ্শন কৰা হয়। পুথিভঁৰালৰ 'অন্বেষণ' নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে।

ইয়াৰ পিছতে 'সম্প্ৰতি ভ্ৰাম্যমাণৰ নাটক আৰু ভ্ৰাম্যমানৰ ভবিষ্যত' শীৰ্ষক এখন গুৰুত্বপূৰ্ণ  আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভ্ৰাম্যমাণ থিয়েটাৰ অনুৰাগী মঞ্চ, অসমৰ যুটীয়া সম্পাদক ৰন্টু শৰ্মাই আতঁধৰা আলোচনাচক্ৰত সঞ্চালনা কৰে প্ৰেৰণা পুথিভঁৰালৰ মূখ্য পৰিচালক তথা প্ৰৱক্তা দীজেন্দ্ৰ নাৰায়ণ শৰ্মাই। আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমানৰ অশুভ পৰিবেশৰ বিৰুদ্ধে নলবাৰীৰ পৰাই সংগ্ৰাম আৰম্ভ হওঁক বুলি কয়।

নলবাৰীৰ সাংস্কৃতিক ৰাইজ সদাই সচেতন। ভ্ৰাম্যমাণ আচলতে নৈৰ নিচিনা বৈ যায়। সম্প্ৰতি বেয়া চলিছে যদিও ভাল দিন আহিব। মৌলিক, বস্তুবাদী নাটক পুনৰ মঞ্চস্থ হ’ব। মাথো ৰাইজে ঐক্যবদ্ধ হৈ বেয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। বৰ্তমান ভ্ৰাম্যমাণত নাটকৰ নামত যি ব্যভিচাৰ চলি আছে তাৰ বাবে প্ৰযোজক, দুই এজন নাট্যকাৰ, মূল অভিনেতা আৰু অভিনেত্ৰী সমানে দায়ী। অৱশ্যে নাট্যকাৰ সকল নাটক ৰচনাৰ ক্ষেত্ৰত স্বাধীন নহয়।

এটা অশুভ চক্ৰই আগুৰি আছে এচামক। তেনেদৰে মূল অভিনেতা অভিনেত্ৰীয়ে বুজন পৰিমানৰ পাৰিশ্ৰমিক বিচাৰে। এই ক্ষেত্ৰত আমি প্ৰযোজকক সহজে সলনি কৰিব হয়তো নোৱাৰো। কিন্তু আমি নিজক সলনি কৰিব লাগিব। সকলো নাটক অৰ্থাৎ শিপা পাহৰা নাটক চোৱা বাদ দিব লাগিব। আমি যদি ৰুচি সলনি কৰো, তেন্তে প্ৰযোজকেও নাটক সলনি কৰিবলৈ বাধ্য হব। বৰ্তমানে নাটক ২৫-৩০ বছৰীয়া যুৱক যুৱতীহে বেছি চাই। প্ৰাপ্তবয়স্ক সকলৰ বহুতে এৰিছে নাটকৰ ব্যভিচাৰৰ বাবে বুলিও বিশিষ্ট নাট্যকাৰগৰাকীয়ে উল্লেখ কৰে।