
বঢ়মপুৰঃ আন্তঃৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিলে পুৰণিগুদামৰ মুঢ়ানিৰ কণমানি অংকিতা শইকীয়াই৷ পুৰণিগুদামৰ বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী অংকিতাই আন্তঃৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত নিম্ন শাখাত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনে৷
ৰাজ্য খনৰ যুৱ প্ৰজন্মৰ মাজত প্ৰতিভাৰ যে অভাৱ নাই সেই কথা কংকিতাই আকৌ এবাৰ প্ৰমাণ কৰে৷ পুৰণিগুদামৰ মুঢ়ানিৰ কণমানি অংকিতা শইকীয়াই দেশৰ হৈ প্ৰতিযোগিতাত অংশ লৈ জিলিকি উঠাত অঞ্চলবাসীয়ে আনন্দিত হৈ পৰিছে৷
পুৰণিগুদামৰ বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী অংকিতাই কৰ্নাটকত অনুষ্ঠিত হোৱা ২০১৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত নিম্ন শাখাৰ দ্বিতীয় স্থান তথা ৰূপৰ পদক অৰ্জন কৰে৷ অংকিতাৰ এই সাফল্যত পিতৃ-মাতৃয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে বিদ্যালয় খনৰ যোগ-গুৰু গৰাকীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলকো৷ যোগ চৰ্চাৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীক গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় অংকিতাৰ পিতৃ-মাতৃয়ে৷