
ডিজিটেল ডেস্কঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই সোমবাৰে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে ছোনীয়া তনয় ৰাহুল গান্ধীয়ে৷ সোমবাৰে পুৱা ১০-৩০ বজাত নতুন দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতিব পদৰ বাবে মনোনয়ন দাখিল কৰে ৰাহুলে৷
ৰাহুলৰ সভাপতি পদৰ বাবে স্বাক্ষৰ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহ কেইবাগৰাকী ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতাই৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে মাতৃ ছোনীয়া গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক সাক্ষাৎ কৰে৷
কংগ্ৰেছৰ নেতা আহমেদ পেটেল, শিলা দিক্ষিত, জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী নেতাই মনোনয়ন জমা দিয়াৰ সময়ত উপস্থিত থাকে ৰাহুলৰ সৈতে৷ আনহাতে কমল নাথ, মতিললা ভোৰা, তৰুণ গগৈ, শিলা দীক্ষিতে উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ পঞ্চাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৰাহুলক পূৰ্ণ সমৰ্থন আগবঢ়ায় প্ৰধানমন্ত্ৰী হ’ব পৰা সকলো গুণ থকা বুলি কয়৷
২০১৩ চনৰ পৰা ৰাহুল গান্ধী কংগ্ৰেছৰ উপ-সভাপতি হৈ আছিল৷ ইফালে ৰাহুল গান্ধীৰ বাহিৰে আন কোনোৱে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ সম্ভৱনা নাই বুলি জানিব পৰা গৈছে৷ অহা ১৯ ডিচেম্বৰত দলৰ সাংগাঠনিক সভা অনুষ্ঠিত হ’ব৷ উক্ত সভাতে ৰাহুলক সভাপতি হিচাপে নাম ঘোষণা কৰাৰ সম্ভৱনা আছে৷ আগন্তুক লোকসভা নিৰ্বাচন ৰাহুলৰ নেতৃত্বত খেলাটো একপ্ৰকাৰ খাতাং কৰিলে কংগ্ৰেছে৷