
নলবাৰীঃ নলবাৰী চহৰৰ প্ৰধান ডাকঘৰ চ'কত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, বাছত উঠিবলৈ লওতে চামতাৰ ৰূপীয়া বাথানৰ নৃপেন বৰ্মন নামৰ লোকজনৰ সোঁ-ভৰিখন ভাঙি যায়।
আৰক্ষীয়ে হেঙুলী নামৰ AS-15-C-7348 নম্বৰৰ বাছখন জব্দ কৰে। বাছখনৰ চালকজনে পলায়ন কৰে। আহত লোকজনক নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সোঁ-ভৰিখন ছিঙি যোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।