আমগুৰিত নগৰৰ মাজমজিয়াত ম'বাইলৰ দোকানত চোৰৰ অভিযান

আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিত পুৱতিনিশা ম'বাইলৰ দোকানত চোৰে অভিযান চলাই। দোকানৰ ভেণ্টিলেটৰেৰে দোকানৰ ভিতৰত প্ৰবেশ কৰি চোৰে চলালে এই অভিযান। শিৱসাগৰ জিলাৰ অসম নাগালেন্ড সীমান্তৱৰ্তী অতিকে গুৰুত্বপূৰ্ণ নগৰ আমগুৰিত দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। তাৰ পিছতে দেওবাৰে নিশা চোৰে সফলতাৰে সম্পন্ন কৰিলে চুৰি কাৰ্য।

আমগুৰি নগৰৰ মাজমজিয়াত থকা ইনফ' স্পেছ নামৰ ম'বাইলৰ দোকানত পুৱতি নিশা চোৰে ভেণ্টিলেটৰেদি সোমাই প্ৰায় পাঁচ লক্ষাধিক টকাৰ ম'বাইল ফোন আৰু এটা লেপটপ লৈ যায়। পুৱা দোকানখনৰ স্বত্বাধিকাৰী অৰুণ জ্যোতি বৰুৱাই দোকান খোলাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

আমগুৰি আৰক্ষী কিছু সময় পাছতে খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও আমগুৰি নগৰত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা চুৰিৰ ঘটনা সমূহৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা নাই। আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায় লয় যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিব পৰা নাই৷ পূৰ্বতেও আমগুৰি নগৰত কেইবাটাও বৃহত চুৰি ঘটনা সংঘটিত হৈছিল কিন্তু আৰক্ষীয়ে আজি পৰ্য্যন্ত সফলতা লাভ কৰিবলৈ সক্ষম নহল।