নলবাৰীত ৰন্ধন গেছৰ সংযোগ বিতৰণ

নলবাৰীঃ নলবাৰীৰ পূজা গেছ এজেন্সিয়ে দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰিলে ৰন্ধন গেছৰ সংযোগ৷ নলবাৰী জিলাৰ বগলৰো'ডৰ মেচাৰ্চ পূজা এজেন্সিয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা অাঁচনিৰ অধিনত ১৫৪টা বিনামূলীয়াকৈ গেছৰ সংযোগ বিতৰণ কৰে।

স্থানীয় সমাজ কৰ্মী দিপক কলিতাই অাতঁ ধৰা অনুষ্ঠানটোত নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ, জিলা বিজেপিৰ সভাপতি বনদ্বিপ ডেকা, অাই অ' ছিৰ বিষয়া ৰাজেন্দ্ৰ নাথ দাস উপস্থিত থাকে৷ পূজা গেছ এজেঞ্চীৰ কৰ্মচাৰীৰ লগতে সঞ্চালক দিলিপ ডেকা অাৰু হিতাধিকাৰী সকল উপস্থিত থাকে।