শুনক চৰকাৰ, অসমৰ এখন গাঁৱৰ লোকে আত্মজাহ দিবলৈ আগবাঢ়িছে

প্ৰতিকী ফটো
প্ৰতিকী ফটো

শুক্লাইঃ বিদ্যুৎ বিভাগক অন্তিম সকীয়নি প্ৰদান কৰিলে এখন গাঁৱৰ ৰাইজে৷ ঘৰ-বৰ ভূমি বিনষ্ট হোৱাৰ আশংকাত ৰাজ্য চৰকাৰক শেষ সকীয়নি প্ৰদান কৰিলে ৰাইজে৷ ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ গাঁৱৰ ৰাইজে বিদ্যুত বিভাগৰ বিৰুদ্ধে জীৱন দিবলৈ সাজু হৈছে। বিদ্যুত বিভাগৰ বিৰুদ্ধে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত নাওঁবান্ধা গাঁওবাসীয়ে।

কিয়নো এটা পূজিপতি গোষ্ঠীৰ স্বাৰ্থত ৰাজ্যৰ বিদ্যুত বিভাগে গাঁওখনৰ বাসিন্দা সকলৰ বাসগৃহৰ ওপৰেৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ টানি নিবলৈ সংযোগ কৰিব বিচাৰিছে। ইয়াৰ দ্বাৰা গাঁওবাসীৰ জীৱনলৈ ভাবুকি অহাৰ আশংকা কৰি শংকিত হৈ পৰিছে৷ ইতিমধ্যে গাঁওখনত এঘাৰ হাজাৰ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংযোজিত হৈ আছে।

বিদ্যুত বিভাগৰ অকৰ্মণ্যতাৰ বাবে কেইবাবাৰো গৰু, ছাগলী আনকি মানুহৰো ক্ষতি হৈছে। পুণৰ এঘাৰ হাজাৰ ভল্টৰ বিদ্যুত গাঁওখনৰ ওপৰেৰে কোম্পানীৰ বাবে টানিব নিব বিছৰাত বাসিন্দাসকল শংকিত হৈ পৰে। বিদ্যুত বিভাগে শুৱলা চাহ বাগিচাৰ সুবিধাৰ্থে এখন গাঁৱৰ ৰাইজক গিনিপিক সজাই এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজে ইয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। আনকি বিদ্যুত পৰিবাহী খুঁটা উভালি বিভাগলৈ ঘুৰাই পঠিয়াইছে।

ৰাইজে কোনো কাৰণতে বাসগৃহৰ ওপৰেৰে বিদ্যুত তাৰ টানি নিব দিয়া নহ’ল বুলি কয়৷ গাঁও খনৰ লোকসকলে বাসগৃহৰ পৰা সামান্য নিলগৰ পথাৰৰ মাজেৰে এই তাঁৰ নিবলৈ বিভাগক গাঁওবাসীয়ে বাৰাম্বাৰ অনুৰোধ জনাই আহিছে যদিও খৰছ বেছি হোৱাৰ কাৰণ দৰ্শাই বিভাগে গাঁওবাসীৰ কথা শুনিবলৈ ইচ্ছা কৰা নাই বুলি অভিযোগ উত্থাপন হয়।

টংলা বিদ্যুত উপ-সংমণ্ডলৰ এচ ডি অ কিৰণ বসুমতাৰী আৰু শুৱলা চাহ বাগিচাৰ পৰিচালক বিৰবল ৰয়ে ষড়যন্ত্ৰমূলক ভাৱে কেৱল খৰচ কমাবলৈ গৈ গাঁৱৰ মাজেৰে বিপদ সংকুল ভাবে চাহ বাগিচালৈ বিদ্যুত সৰবৰাহ কৰিবলৈ ওলাইছে।

ৰাইজে নিজৰ জীৱন বচাবলৈ গৈ বিদ্যুত বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাবে প্ৰতিবাদ জনাই অহাৰ পিছতো টংলা বিদ্যুত উপ সংমণ্ডলৰ এচ ডি অ কিৰণ বসুমতাৰীয়ে আৰক্ষী লগাই গাঁওবাসীক জেলত ভৰাই হ'লেও বিদ্যুত সংযোগৰ কাম সম্পন্ন কৰিব বুলি ভাবুকি দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে।

আনকি গাঁৱৰ মহিলা সকলকো বিভিন্ন অশালীন মন্তব্যৰে ভাবুকি দি আহিছে এচ ডি অ গৰাকীয়ে। তদুপৰি বিদ্যুত বিভাগৰ ডি জে এমেডিচি, এচ পিৰ হতুৱাই গাঁওবাসীক অইন গোচৰত অভিযুক্ত কৰি জেলত ভৰাই থোৱাৰ ভাবুকি প্ৰদান কৰে।

বিদ্যুত বিভাগৰ এজন ঠিকাদাৰে গাঁওখনৰ কেইবাজনো সচেতন যুৱকক দুৰ্বৃত্তৰ দ্বাৰা ফোনেৰে ভাবুকি দিয়াৰো অভিযোগ উঠিছে। ইতিমধ্যে গাঁওবাসীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়ো, বিধায়িকা কমলি বসুমতাৰী আৰু ওদালগুৰিৰ উপায়ুক্ত দিলিপ কুমাৰ দাসক অভিযোগ প্ৰদান কৰে। ইমানৰ পিছতো বিদ্যুত বিভাগে জোৰ জুলুম কৰিব বিছাৰে তথা বাসগৃহৰ ওপৰেৰে বিদ্যুত তাৰ টানিব বিছাৰে তেন্তে সৰ্বশক্তি প্ৰয়োগ কৰাৰ লগতে প্ৰয়োজনত সমগ্ৰ গাঁও খনে জীৱন দিবলৈ সাজু বুলি কয়৷