কলকাতাৰ পৰা অসমৰ শ্ৰমিকৰ তেজ শুহিছে, কোটি কোটি টকা খালে শ্ৰমিকৰ

চৰাইদেউঃ কপালৰ ঘাম মাটিত পেলাই দিনৰ দিনটো শ্ৰম কৰা দৰিদ্ৰ শ্ৰমিকৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাত৷ শ্রমিকৰ ভৱিষ্যত নিধিৰ ধন আত্মসাৎ কৰাৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এখন চাহ বাগিচাৰ বিৰুদ্ধে৷

চৰাইদেউ জিলাৰ ভাস্কৰ টি কোম্পানীৰ টিঙালীবাম চাহ বাগিচাখনে বিগত ২০০১ চনৰ পৰা শ্রমিকৰ পৰা সংগ্ৰহ কৰা ভৱিষ্যত নিধিৰ প্রায় তিনি কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপন হোৱাত হৈ-চৈ লাগে জিলা খনত৷ অসম চাহ শ্রমিক কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ বিভাগৰ এটা দল মঙলবাৰে চাহ বাগিচাত উপস্থিত হৈ চাহ বাগিচা খনৰ তথ্য পাতি বাজেয়াপ্ত কৰে।

বিগত কেইবা বছৰ ধৰি বাগিচা খনৰ শ্রমিকৰ বেতন, ৰেচন, চিকিৎসা সেৱাৰ খৰচ বাগিচা খনে বন্ধ কৰি ৰাখিছিল। এক প্রকাৰ বাগিচাৰ স্বতাধিকাৰীয়ে শ্রমিকসকলক শোষণ কৰি আহিছিল। কলকাতাত থাকি বাগিচাৰ শ্ৰমিকৰ তেজ শুহি আছিল মালিকে৷ বাগিচাৰগৰাকীয়ে শ্রমিকসকলৰ কোনো অভিযোগক গুৰুত্ব প্রদান কৰা নাছিল। জিলা শ্রম বিভাগ আৰু অসম চাহ শ্রমিক-কৰ্মচাৰী ভৱিষ্যত নিধি বিভাগৰ যৌথ অভিযান চলাই বাগিচা খনৰ তথ্য পাতি বাজেয়াপ্ত কৰে।

১৫ দিনৰ ভিতৰত বাগিচাখনৰ স্বতাধিকাৰীয়ে সুদ সহ ভৱিষ্যনিধিৰ সমুদায় ধন আদায় দিবলৈ নিৰ্দেশ দিয়ে৷ টকা আদায় নিদিয়ে নোৱাৰিলে বাগিচাখন নিলাম কৰা হ’ব বুলি জানিব পৰা গৈছে। উজনি অসমৰ কেইবাখনো চাহ বাগিচাৰগৰাকীয়ে ভৱিষ্যত নিধিৰ ধন আত্মসাৎ কৰি বিভাগৰ ৰোষত  বাগিচাৰ মালিকী স্বত্ব হেৰুৱালগীয়া হৈছে।