‘আমাৰ সপোন’ৰ সোণাৰিক স্বচ্ছ কৰাৰ সপোন

চৰাইদেউঃ চৰাইদেউৰ সোণাৰিত স্বচ্ছ ভাৰত গঢ়াৰ বাবে ওলাই আহিল একাংস লোক৷ সকলোৱে হাতে হাতে ঝাড়ু ললে পৰিস্কাৰ হ’ব আমাৰ দেশ৷

এই কথাকে সাৰোগত কৰি স্বেচ্ছাসেৱী অনুষ্ঠান ‘আমাৰ সপোন’ৰ উদ্যোগত বুধবাৰে হাতে হাতে ঝাড়ু লৈ ৰাজ পথলৈ ওলাই আহে৷

সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয় চৌহদ পৰিস্কাৰ কৰে লোকসকলে৷ আমাৰ সপোন নামৰ অনুষ্ঠানটোৰ প্ৰায় ৫০গৰাকী সদস্যই অংশগ্ৰহণ কৰে৷