
গুৱাহাটীঃ যুৱতীৰ ফটো সম্পাদনা কৰি বিকৃকত কৰাৰ লগতে যুৱতীক অশ্লীল মেচেজ দি জেলৰ ভাত খাব লগা হ’ল আৰক্ষীৰ এগৰাকী কনিষ্টবল৷
প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্ত্তীৰ দেহৰক্ষী মহেন্দ্ৰ বাগক বৃহস্পতিবাৰে আটক কৰে আৰক্ষীয়ে৷ এগৰাকী যুৱতীক অশ্লীল মেচেজ প্ৰেৰণ কৰি আটক হ’ব লগা হয় মহেন্দ্ৰ৷
ঢেকীয়াজুলিত গ্ৰেপ্তাৰ কৰে আৰক্ষী কনিষ্টবলজনক৷ যুৱতীৰ ফটো বিকৃত কৰি ছ'চিয়েল মিডিয়াত অশ্লীল মেচেজ প্ৰেৰণ কৰিছিল আৰক্ষী কনিষ্টবলজনে৷ আৰক্ষীৰ কনিষ্টবলজন দ্বাদশ বেটেলিয়নৰ মহেন্দ্ৰ বাগ৷ প্ৰাক্তন ঢেকীয়াজুলিৰ বিধায়ক হাবুল চক্ৰৱৰ্ত্তীৰ দেহৰক্ষী আছিল মহেন্দ্ৰ বাগ৷