
ধুবুৰীঃ পৰিৱৰ্তনৰ কথা কৈ চৰকাৰে শাসনৰ গাদীলৈ আহিছিল৷ সকলো দিশেই পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰে পিছে পৰিৱৰ্তন সচাকৈয়ে কৰিলে৷ পানীয়ে মানুহৰ প্ৰাণ৷ আহাৰ নখোৱাকৈ এসপ্তাহ পৰ্যন্ত থাকিব পাৰি, কিন্তু পানী নখোৱাকৈ তিনি দিনো থকা অসম্ভৱ৷
কিন্তু সেইবুলি পুখুৰী, নদী অথবা নলাৰ পানীও নিশ্চয় খাব নোৱাৰি৷ বিশুদ্ধ পানীৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰত৷ কিয়নো গৌৰীপুৰত পানী যোগান আঁচনিৰ চৌহদত এতিয়া মদ খোৱাৰ ব্যৱস্থা কৰাত ৰাইজে ভাবিবলৈ বাধ্য হৈছে এয়াই পৰিৱৰ্তন৷
বছৰ বছৰ ধৰি বিকল হৈ আছে এটি বিশুদ্ধ খোৱাপানী যোগান আঁচনি৷ যাৰ পৰিণতিত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গৌৰীপুৰবাসীয়ে৷ ধুবুৰী জনস্বাস্থ্য কাৰীকৰি বিভাগৰ অধীনৰ গৌৰীপুৰৰ মাদাইখালি বিশুদ্ধ খোৱা পানী যোগান আচঁনিত এতিয়া চৌদিশে মদৰ বটল৷ মন্ত্ৰী বিধায়ক, বিষয়া তথা বৰ বৰ মানুহে কিনি খোৱাৰ দৰে এতিয়া মদৰ বটল কিনি আনি একাংশ লোকে পানী যোগান আঁচনিত বহি আৰামত খাই৷
ৰাইজে পানী নাপালেও মদাহীৰ এটুকুৰা মদ খোৱাৰ ঠাই ওলাইছে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, প্ৰায় ৭৫লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ৭ বছৰ পূৰ্বে ধুবুৰী জনস্বাস্থ্য কাৰীকৰি বিভাগে নিৰ্মান কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ পৰা আজিলৈ এটুপি খোৱাপানী পোৱা নাই৷ মেৰামতিৰ নামত হলে টকা সৰকোৱাত হলে পিছ পৰি থকা নাই একাংশ ঠিকাদাৰ অভিযন্তাই৷ জৰাজীৰ্ণ-কদৰ্যময় গৃহ সমূহ হাবি-জংঘলে আৱৰি ধৰিছে৷ বিশুদ্ধখোৱা পানীযোগান আঁচনি সম্প্ৰতি মদ-জুৱাৰ আড্ডাস্থলিত পৰিণত হৈছে৷ নিশা হোৱাৰ লগে লগে একাংশ যুৱকে মদ আৰু জুৱাত মতলিয়া হৈ পৰে এই পানী যোগান আঁচনিৰ চৌহদত৷