
মোৰাঝাৰঃ হোজাই জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান চৌধুৰীবজাৰ প্ৰতিভা বিদ্যাপীঠত বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ এখন বিশেষ শৈক্ষিক সভা অনুষ্ঠিত হয়৷
বিদ্যালয় চৌহদত সমাজকৰ্মী মকবুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাং, হোজাই জিলা আমছুৰ সভাপতি ফাহিম ইকবাল, আমছুৰ মুখ্য সাংগঠনিক সম্পাদক মামুন ৰছিদ, সাংবাদিক ছাদিকুজ জামান, জ্ঞানজ্যোতি একাডেমিৰ অধ্যক্ষা আফচানা বেগম, মোৰাঝাৰ একাডেমীৰ সঞ্চালক বিলাল উদ্দিন, আজমল কলেজৰ অধ্যক্ষ বদৰুল আলম চৌধুৰী উপস্থিত থাকে৷
উক্ত সভাতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিদায় জনোৱাৰ মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষাত সফলতা লাব কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বর্ধনা জনোৱা হয়।