বৰনিজৰাৰ পাহাৰত ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

বাইহাটা চাৰিআলিঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত সংঘটিত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যা কাণ্ডই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি বৰনিজৰাৰ পাহাৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পাহাৰৰ জংঘলত ফুচুলাই নি দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাক লজ্জানত হৈছে সভ্য সমাজ৷ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বৰনিজৰাৰ এটি পৰিয়ালৰ ১৩ বছৰীয়া তোলনীয় কিশোৰীগৰাকীক বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত কৰে এই ঘটনা৷ কাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে।

বুধবাৰে সন্ধিয়া প্ৰায় ডেৰ দুই ঘন্টা সময় কিশোৰীগৰাকী নিৰুদ্দেশ হয় কিশোৰীগৰাকী৷ সহজ সৰল কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাত শংকিত হৈ পৰে পৰিয়াল তথা ওচৰ চুবুৰীয়াই বিচাৰ-খোচাৰ কৰিবলৈ ধৰে৷ লোকসকলে ওচৰৰ পাহাৰত জংঘলত কোনো লোক থকাৰ উমান পাই সেইপিনে আগবাঢ়ে একাংশ লোক। উক্ত কিশোৰীগৰাকী সংকট জনক অৱস্থাত উদ্ধাৰ কৰাৰ লগতে এগৰাকী লোকক ঘটনাস্থলীতে আবদ্ধ কৰাৰ লগতে কেইজনমান লোক আন্ধাৰৰ সুযোগ লৈ পলায়ণ কৰে।

তিনিজনকৈ পাষাণে ধৰ্ষণ কৰে কিশোৰীগৰাকীক৷ প্ৰথমে কথা বতৰাৰ চলেৰে সহজ সৰল কিশোৰীজনীক ফুচুলাই পাহাৰখনৰ জংঘললৈ লৈ যায় আৰু কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰিব বিচৰাত মৃত্যুৰ ভাবুকিৰে চিঞৰ বাখৰ নকৰিবলৈ ধমক দি মুখত সোপা মাৰি ধৰি ধৰ্ষণ কৰে। মান্দাকাটাৰ আজাদ আলী আৰু পলায়নকাৰী দুটাক মুন্না আলী আৰু আইনুল আলী একাংশ লোকে সন্দেহ কৰে। কিশোৰীগৰাকীৰ পৰিয়ালে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডিবিধি ৩৭৬ ধাৰা আৰু ৰেড উইথ চেক্সন এইট অৱ পকম্ব এক্টৰ ২(i) ধাৰাৰ অধীনত ৩০৫/১৭ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰা হৈছে।