
বেতবাৰীঃ শিৱসাগৰ জিলাৰ ডিমৌত অহা ২৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিশিষ্ট সমাজ কৰ্মী হেম দূৱৰাৰ সোঁৱৰণিত তৰ্ক প্ৰতিযোগিতা৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিৰ উদ্যোগত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হ’ব হেম দূৱৰা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা আৰু সাংগঠনীক কৰ্মশালাৰ।
‘সাম্প্ৰতিক অসমৰ বিদেশী সমস্যাই হ'ল একমাত্ৰ জলন্ত সমস্যা’ শীৰ্ষক বিষয়ৰ ওপৰত জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া তৰ্ক প্ৰতিযোগিতা কেৱল এটা শাখাতে অনুষ্ঠিত হ’ব৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰা পৰা স্নাতক ষষ্ঠ ষান্মাসিকলৈ ছাত্ৰ-ছাত্ৰী সকলে অংশগহন কৰিব পাৰিব।
আনহাতে প্ৰতিখন অনুষ্ঠানৰ পৰা ২ জনকৈ প্ৰতিযোগীয়ে অসমীয়া আৰু ইংৰাজী দুযোটা ভাষাতে হ'ব তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৫০০০, দ্বিতীয় ৩০০০, দলীয়ভাৱে প্ৰথম ৪০০০ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে৷ সকলো প্ৰতিযোগীক মানপত্ৰ পদান কৰিব। ইচ্ছুক প্ৰতিযোগিসকলক ৯১০১৬৫৩৫৯৬, ৮৬৩৮৬৫৬২৩০, ৭৬৩৭৯২৬৩৬৪ নম্বৰত সকলক যোগাযোগৰ বাবে উদ্যোক্তাই আহ্বান জনায়।