newsnextone.comৰ সাংবাদিকক হত্যাৰ ভাবুকি

জয়সাগৰঃ newsnextone.comৰ এগৰাকী সাংবাদিকক ফোনযোগে হত্যাৰ ভাবুকি প্ৰদান কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাত৷ বৃহস্পতিবাৰে সন্ধিয়া ড্ৰাগছ মাফিয়াই 7896856787 নম্বৰ যোগে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ সমগ্ৰ দেশতেই সাংবাদিকৰ হত্যা তথা নিগ্রহৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এগৰাকী সাংবাদিকক পুনৰ হত্যাৰ ভাবুকি প্ৰদান কৰে।

শিৱসাগৰ চহৰৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন কৰি newsnextone.comৰ শিৱসাগৰ জিলাৰ দিচাংমুখৰ সংবাদিক চৈয়দ মুদ্দাছীৰ ৰমিজে কিছু তথ্য সহকাৰে যোৱা ০৪ ডিচেম্বৰত এটি বাতৰি প্ৰকাশ কৰিছিল৷ বৰবিহ স্বৰূৰ ড্ৰাগছে একাংশ যুৱকৰ জীৱন কোঙা কৰি পেলােৱাৰ ভয়াবহ ছবিখন পোহৰলৈ অনাৰ লক্ষ্যৰে বাতৰিটো প্ৰকাশ কৰাৰ পিছতে শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ অহাত newsnextone.comৰ সাংবাদিকে অভিযান চলাইছিল নাজিৰাত৷ ড্ৰাগছৰ ব্যৱসায় কৰি জীৱন ধ্বংস কৰা এটি বৃহৎ প্ৰভাৱশালী চক্ৰই কেনেদৰে মুকলিকৈ ড্ৰাগছ বিক্ৰি কৰে সেয়া পোহৰলৈ আনিবলৈ সক্ষম হৈছিল newsnextone.com-এ৷ নাজিৰাৰ যিখিনি ঠাইত ড্ৰাগছৰ কিনা-বেচা তথা সেৱন কৰাৰ ঘাটি আছে উক্ত ঠাইত আছে শাসকীয় দলৰ কাৰ্যালয়৷ নাজিৰাস্থিত শাসকীয় দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতে এনেদৰে ড্ৰাগছৰ বেহা চলি থকা কাৰ্যই সকলোৰে চকু কপালত তুলিছিল।

এই বাতৰি প্ৰকাশ কৰাৰ পিছতে সংবাদিক চৈয়দ মুদ্দাছীৰক একাংশ লোকে ভাবুকি প্ৰদান কৰে৷ তাৰ মাজতে 7896856787 নম্বৰযোগে ৰিজৱান নামৰ এগৰাকী লোকে ফোন কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ জানিব পৰা মতে, উক্ত ঠাইত ড্ৰাগছ বিক্ৰী কৰাৰ লগতে সেৱন কৰাৰ সুবিধা প্ৰদান কৰিছিল প্ৰভাৱশালী চক্ৰই। শিৱসাগৰ, নাজিৰাত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ পিছতো প্ৰশাসনে অৱগত নোহোৱাত ৰাইজ চিন্তিত হৈ পৰে। একাংশ স্কুল আৰু কলেজীয়া ছাত্ৰই ড্ৰাগছ সেৱনত জড়িত হৈ পৰা বুলি জানিব পৰা গৈছে৷

যোৱা ০৪ ডিচেম্বৰত newsnextone.comৰ নাজিৰা নগৰত এই ব্যৱসায়ৰ বাতৰিটো ভিডিঅ’ সহ পৰিবেশন কৰা হৈছিল৷ ইতিমধ্যে সাংবাদিকগাৰকীয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে উক্ত নম্বৰটোৰ বিপৰীতে। এজাহাৰ দাখিল কৰাৰ পিছতে শিৱসগাৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে ঘটনাক গুৰুত্ব সহকাৰে লৈ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে উচিত ব্যৱস্থা লোৱা হ’ল বুলি কয়৷ আনহাতে সাংবাদিক মুদ্দাছীৰ কোনো লোকৰ ভাবুকিয়ে সাংবাদিকগৰাকীক নিজ কৰ্তব্যৰ পৰা বিচলিত কৰিব নোৱাৰে বুলি কয়৷