
দলংঘাটঃ দেশৰ সংবিধানৰ প্ৰণেতা, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ ভীমৰাও আম্বেদকাৰ নামত প্ৰতিবছৰে প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হৈছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশিল সুত্ৰধৰ৷
ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে আগবঢ়োৱা বাবা চাহেব ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটাৰ বাবে নিৰ্বাচি হৈ দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনে সুত্ৰধাৰে৷ অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৩৩ সংখ্যক অধিবেশনত এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
দৰং জিলাৰ পশ্চিম প্ৰান্তৰ নামখলাৰ আঠিয়াবাৰী গাঁৱৰ পৰিতোষ সুত্ৰধৰ আৰু পুষ্পা সুত্ৰধৰৰ পুত্ৰ সুশিল সুত্ৰধৰে সুদীৰ্ঘ আঠ বছৰে সদৌ অসম অনুসুচিত জাতি ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হিচাবে কাম কৰি জনগোষ্ঠীটোৰ লোক সকলৰ নানান সমস্যাৰ হৈ মাত মাতি আহিছে৷
বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ কাম কৰাৰ ফলস্বৰূপে এই বঁটা লাভ কৰে। দৰং জিলাৰ দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে সুশিলক।