থলুৱাৰ ৰয়েল ব্ৰাডাৰ্ছ, নগাঁৱৰ ৰয়েল ব্ৰাডাৰ্ছ

নগাঁওঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত যুৱ প্ৰজন্ম বেছি ভাগ সময় মোবাইলতে ব্যস্ত হৈ থকা দেখা যায়৷ একাংশ নিবনুৱা যুৱকে 'ইজি মানি' অৰ্জনৰ বাবে নানান অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাও দেখা যায়৷ তাৰ মাজতে, নগাঁও জিলাৰ চাৰি গৰাকী উচ্চ শিক্ষিত যুৱকে চলোৱা এক ব্যতিক্ৰমী প্ৰয়াসে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

নগাঁৱৰ ভাস্কৰ শইকীয়া, বিকাশ বৰা, গীতাৰ্থ শইকীয়া আৰু কিৰণ শইকীয়া নামৰ এই শিক্ষিত নিবনুৱা যুৱকে অসমৰ জাতীয় জীৱনৰ কৃষ্টি-সংস্কৃতি, সম্পদ তথা ঐতিহ্য, পৰম্পৰাক আধাৰ হিচাপে লৈ সম্পূৰ্ণ অগতানুগতিক চিন্তাৰে আৰম্ভ কৰিছে এক স্বতন্ত্ৰ ব্যৱসায়৷ যাৰ দ্বাৰা তেওঁলোকে লাভ কৰিছে জীৱনটো সুন্দৰভাবে আগবঢ়াই নিয়াৰ মসৃণ গতি আৰু তেওঁলোকৰ এনে প্ৰশংসনীয় পদক্ষেপে বৰ্তমান সময়ত সংস্থাপনৰ অভাৱত হামৰাও কাঢ়ি থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন৷

জানিব পৰা মতে, এই চাৰিজন উচ্চাকাংক্ষী যুৱকে বহিঃৰাজ্যৰ বণিক গোষ্ঠীক প্ৰত্যাহ্বান জনাই 'ৰয়েল ব্ৰাডাৰ্ছ এন্টাৰপ্ৰাইজ' নামৰ এটা গোট গঠন কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে তৈয়াৰ কৰি উলিয়াইছে 'ফলি' শীৰ্ষক এক বিশেষ ধৰণৰ নোট বুক৷ যি নোট বুকতৰ বেটুপাতত মনোমোহাকৈ সন্নিবিষ্ট কৰা হৈছে অসমীয়াৰ গৌৰৱময় জাতীয় জীৱনৰ কৃষ্টি-সংস্কৃতি, সম্পদ আৰু ঐতিহ্যৰ প্ৰতীক৷ বৰ্তমান আকৰ্ষণীয় বেটুপাতৰ এই 'ফলি' নোট বুকে বজাৰত বেছ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷ উন্নতমানৰ পাত ব্যৱহাৰ কৰা এই নোট বুকৰ জৰিয়তে নগঞা যুৱককেইজনে স্বতন্ত্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক জাগৰণৰ সূচনা কৰিব বুলি সচেতন লোকসকলে মন্তব্য কৰি এনে মহান প্ৰচেষ্টাৰ ভূয়শী শলাগ লৈছে৷