চাৰিদুৱাৰত NRCক লৈ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তৎপৰতা

তেজপুৰ টাউনঃ NRC নথি পৰীক্ষণকলৈ ব্যস্ত হৈ পৰিছে তেজপুৰ প্ৰশাসন৷ খচৰা প্ৰকাশ বাবে মাজত মাথো ২৫টা দিন থকাৰ সময়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীয়ে গাঁৱে গাঁৱে প্ৰতিগৰ মানুহৰ ঘৰলৈ গৈ নথি পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে।

তেজপুৰত দেখা গৈছে যুদ্ধকালীন তৎপৰতা। NRC উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজত বিষয়া-কৰ্মচাৰীসকল এতিয়া ঘৰে ঘৰে গৈ নামি পৰিছে নথি পত্ৰ চোৱা চিতা কৰাত৷

মুঠৰ ওপৰত NRCক লৈ চৌপাশে তৎপতৰতা পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত NRC সেৱা কেন্দ্ৰ সমূহতো বিষয়া-কৰ্মচাৰীসকলে দিন-ৰাতি এক কৰি ব্যস্ত হৈ পৰিছে বিসংগতি পূৰ্ণ নথি পত্ৰ পৰ্যবেক্ষণ কৰাত।