বিশিষ্ট সাহিত্যিক সমালোচক শশী শৰ্মা অসুস্থ

নলবাৰীঃ বৰেণ্য সাহিত্যিক-সমালোচক শশী শৰ্মা শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে৷ ৮৭ বছৰীয়া সাহিত্যিকগৰাকীয়ে হঠাৎ অসুস্থ হৈ পৰাত নলবাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ ডাঃ সন্দিপন শৰ্মা আৰু ডাঃ দিপ্তী চৌধুৰীৰ নেতৃত্বত এটা চিকিৎসক আৰু নাৰ্ছৰ দলে চিকিৎসা সেৱা আগবঢ়াই৷

মগজুৰ ৰক্তক্ষৰণ হোৱা কথা সদৰি কৰে৷ শুকুৰবাৰে পুৱা ১১ বজাত চকীত বহি থাকোতেই অসুস্থ হৈ পৰে৷ বৰ্তমান উত্তৰ গুৱাহাটী জিএনআৰচিত ভৰ্তি কৰোৱা হৈছে। নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত আশু আৰোগ্য কামনা কৰি নাম-প্ৰসঙ্গ, সৰ্ব ধৰ্ম প্ৰাৰ্থনা কৰাৰ লগতে বিভিন্নজন ব্যক্তিয়ে আশু আৰোগ্য কামনা কৰে৷