
উৰিয়ামঘাটঃ চকুৰ সন্মুখতে জাহ গ’ল এটি পথ৷ প্ৰতিদিনে শ-শ লোকে আহ-যাহ কৰা পথটো যেন ইতিহাস হ’ল৷ ৰাইজে পথটো ৰক্ষা কৰাৰ বাবে দাবী জনাই অৱশেশত ভাগৰি পৰিলে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰ খনৰ যেন আহৰি নাই এটা পথ ৰক্ষা কৰিবলৈ৷ স্থীনায় জনপ্ৰতিনিধিগৰাকীয়ে নিৰ্বাচনৰ সময়ত বিলাসী গাড়ীৰ কনভয়ৰে ধূলি উৰুৱাই ভোট বিচাৰিব আহিছিল যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত ৰাইজে সাক্ষাৎ কৰিব নোৱাৰা হ’ল জনপ্ৰতিনিধিগৰাকীক৷

বৰ বৰ মানুহৰ বাবে হে সময় থকা হৈছে তেওলোকৰ৷ দিছপুৰ পোৱাৰ পিছত একাংশ লোক যেন সলনি হৈ যায়৷ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ তথা পাহৰি বিলাসী জীৱন-যাপন কৰাৰ আৰম্ভ কৰে৷ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ সমীপৰে বৈ যোৱা ৰেংমা নৈৰ বুকিত জাহ যোৱা উৰিয়ামঘাট-ঘোলাপানী সংযোগী পথ বৰদণ্ডী গাৱঁৰ অংশটো সম্পূৰ্ণৰূপে জাহ যায় যদিও গড়কাপ্তানি বিভাগ, জলসম্পদ বিভাগে গুৰুত্ব আৰোপ নকৰাক ৰাইজ ক্ষোভিত হৈ পৰিছে৷
বৰদণ্ডী, গৰৈবিল, যোৰদলং, বেঙেনাবাৰী, হালধীবাৰী অাদি কেইবাখনো গাঁৱৰ লোকে আহ-যাহ কৰা পথটো খহনীয়াৰ ফলত ৰেংমা নদীত জাহ যায়৷ যাৰ ফলত যাতায়তত ব্যাপক সমস্যাত পৰিছে ৰাইজে৷ ৰেংমা নৈৰ দাঁতিৰে পাৰ হৈ যোৱা সীমান্তৰ ঘোলাপানী মাটিৰ তলেৰে নিয়া খাৰুৱা তেলৰ গেছ পৰিবাহী পাইপ ৰেংমা নদীৰ খহনীয়াৰ ফলত ওলাই গৈছে। যাৰ ফলত আতংকিত হৈ পৰিছে ৰাইজ৷ যি কোনো মুহূৰ্ততে অ'এন জি ছিৰ গেছ পৰিবাহী পাইপ চিঙি দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে৷