আলফা নেতা ৰাজেনৰ দেহৰক্ষী মুনে আৰক্ষীৰ দেখুৱালে পুতি থোৱা অস্ত্ৰ

ওদালগুৰীঃ ওদালগুৰিত সেনা আৰক্ষীয়ে অভিযান চলাই আলফা নেতা মুন ডেকাৰ ভাষ্য অনুসৰি শনিবাৰে উদ্ধাৰ কৰিলে অস্ত্ৰ৷ ওদালগুৰি আৰক্ষীয়ে কলাইগাঁৱৰ পাকীমূৰীৰ পৰা উদ্ধাৰ কৰে এটা একে ৫৬, এটা মেগজিন, ১৮জাই সজীৱ গুলী আৰু এটা মোবাইল ফোন। আলফা স্বাধীনৰ সদস্য মুন ডেকাই মাটিত অস্ত্ৰ পুতি থোৱা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰাৰ পিছতে ব্যাপক অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ-শস্ত্ৰ৷ প্ৰয়াত আলফা স্বাধীনৰ নেতা ৰাজেন ডেকাৰ দেহৰক্ষী আছিল মুন ডেকা।

৬ ডিচেম্বৰত আৰক্ষীৰ জালত পৰিছিল দেহৰক্ষী মুন ডেকা। পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা ০১ ডিচেম্বৰৰ পুৱতি নিশা সেনা-আৰক্ষীৰ গুলীত নিহত হৈছিল৷ দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক ০১ ডিচেম্বৰৰ পুৱতি নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়।

সিদিনা নিশা টংলাৰ নলবাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আলফা নেতাগৰাকীয়ে বাহৰ পাতি আছিল৷ বিশেষ সুত্ৰ যোগে উক্ত খবৰ লাভ কৰে সেনা-আৰক্ষীয়ে৷ তাৰ পিছতে সস্তম হৈ পৰে সেনা-আৰক্ষী৷ সেনা আৰক্ষীয়ে মুহূৰ্ততে অঞ্চলটো ঘেৰি লয়৷ ঘেৰি লৈ প্ৰায় দুঘন্টা অভিযান চলাই সেনা-আৰক্ষীয়ে। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙৰ নেতৃত্বত চলোৱা এই অভিযানত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷

আৰক্ষীৰ দলৰ লগতে সেনাবাহিনীৰ বৃহৎ দলে গাঁও খনত প্ৰবেশ ফলত সেনা-আৰক্ষীৰ বেহুৰ পৰা সাৰি যাবলৈ গুলী চালনা কৰিছিল যদিও নিজৰ বন্দুকেৰে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হয়৷ তাৰ মাজতে জিলাখনৰ পাকিমুড়ীৰ পৰা আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই আটক কৰে মৃত আলফা নেতা ৰাজেন ডেকাৰ দুই দেহৰক্ষী ক্ৰমে মৃদুল ডেকা ওৰফে মোহন আৰু ধ্ৰুৱ নামৰ দুই দেহৰক্ষীক।