
ৰঙিয়াঃ বিশ্ব বিজয়ৰ সপোন লৈ খেলিবৰ বাবে সাজু হৈছে দুই অসম কন্যাই৷ আন্তঃৰাষ্ট্ৰীয় কাৰেটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰঙিয়া চহৰৰ দুই কন্যাই৷ গোৱাত অনুষ্ঠিত হ’ব লগীয়া এচ চি কে এফ আই আন্তঃৰাষ্ট্ৰীয় কাৰেটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে ৰঙিয়াৰ দুই ভগ্নী পূজা মেধী আৰু দিয়া মেধী৷
দুই ভগ্নী জা মেধী আৰু দিয়া মেধী শনিবাৰে ৰঙিয়া আৰক্ষী থানা চৌহদত শুভেচ্ছা যাচে দল-সংগঠন তথা আৰক্ষীয়ে৷ ৰঙিয়া আৰক্ষী থানা চৌহদত আক্ৰাছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি নয়ন তালুকদাৰ, সম্পাদক কৰুণা দাস, ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰামানন্দ কলিতা, সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, ৰঙিয়া মহকুমা আক্ৰাছুৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে দুয়োগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে। আৰক্ষীত কৰ্মৰত দুই খেলুৱৈৰ পিতৃ-মাতৃ বিপুল মেধী আৰু ৰূপালী মেধী উপস্থিত থাকে।