
নগাঁওঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে নগাঁৱৰ আবেগ অনুভূতি কলং নৈৰ পানী দূষিত হোৱাত চিন্তিত হৈ পৰিছে নগঞা ৰাইজ৷ ঘোলা পানী বৈ থকা দুয়োখন নদীৰ পানীত অতিমাত্ৰা মেংগানিজ থকাৰ প্ৰমাণ বুলিও জানিব পৰা গৈছে৷ শুকুৰবাৰে দুয়োখন নদীৰ কেইবাটাও ঘাটৰ পৰা বিশেষজ্ঞৰ দলে পানী সংগ্ৰহ কৰি পৰীক্ষা কৰাত মেংগানিজ পোৱা বুলি জানিব পাৰ গৈছে৷
জীৱকুলৰ শৰীৰ বাবে অতি ক্ষতিকাৰক মেংগানিজ৷ ৷নগাঁও কলেজৰ পৰীক্ষাগাৰত কৰা হৈছিল এই পৰীক্ষা৷ দুয়োখন নদীৰে পানী সেৱন কৰাটো জীৱৰ যথেষ্ট বিপদজ্জনক বুলি ঘোষণা কৰে বিশেষজ্ঞ দলটোৱে৷ ইফালে, এই খবৰ বিয়পি পৰাত সম্প্ৰতি নগাঁৱৰ নৈপৰীয়া ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুয়ো খন নদীৰ পানী স্থানীয় ৰাইজে অতীজৰে পৰা গা-ধুৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে৷
আনকি মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী নৈপৰীয়া একাংশ লোকে দীৰ্ঘদিন ধৰি সেৱন কৰি অহাৰ উপৰি ঘৰচীয়া প্ৰাণীকে ধৰি আন বিভিন্ন জীৱ-জন্তুৱে সেৱন কৰে৷ এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ নগাঁও জিলাৰ শিলঘাটৰ পৰা ধিঙলৈকে এক বিস্তৃৰ্ণ অংশৰ বিভিন্ন ঠাইত থকা মৎসৰ লগতে অন্যান্য জলচৰ প্ৰাণীৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে৷
বিগত দিনকেইটাত শিলঘাটৰ পৰা ধিঙলৈকে থকা অংশত অস্বাভাবিকৰূপত মাছ মৰাৰ বিপৰীতে ৰবৰবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰদূষিত পানী সেৱন কৰাৰ ফলত ঘৰচীয়া জীৱ-জন্তু বেমাৰত আক্ৰান্ত হোৱা বুলি খবৰ পোৱা গৈছে৷ তদুপৰি ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষিত হৈ পৰাৰ হেতু দুষ্প্ৰাপ্য প্ৰাণী শিহু'ৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰাত সচেতন মহলক চিন্তিত কৰি তুলিছে৷ নগাঁৱৰ শিলঘাটৰ ত্ৰিশূলধাৰী এলেকাৰ ব্ৰহ্মপুত্ৰৰ পানীত যুগ যুগ ধৰি বাস কৰি আহিছে এই দুষ্প্ৰাপ্য প্ৰাণীবিধ৷
প্ৰাণীবিধৰ উপযুক্ত বাসস্থান হোৱাৰ বাবেই প্ৰাণীবিধ চাবৰ বাবে ত্ৰিশূলধাৰী এলেকালৈ যঠেষ্ট পৰ্যটকৰ আগমন ঘটে৷ আনকি নগাঁৱৰ নৈ পৰীয়া একাংশ দৰিদ্ৰ লোকে নদীত মাছ ধৰিয়েই পৰিয়াল পোহপাল দি আহিছে৷ কিন্ত এতিয়া নদীৰ পানী প্ৰদূষিত হৈ পৰাত এইসকলো নিজৰ জীৱিকাক লৈ বিপাঙত পৰিছে৷ কাজেই, এইক্ষেত্ৰত এতিয়া চৰকাৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় বিষয় হিচাপে চিহ্নিত হৈ পৰিছে৷