
নগাঁওঃ নগাঁৱৰ বগৰিগুৰিত বিগত বৰ্ষত কেইবাগৰাকী বিশিষ্ট লোকৰ আশাশূধীয়া প্ৰচেষ্টাত গঢ়ি উঠা শংকৰ-আজান বিদ্যাপীঠৰ প্ৰথম প্ৰতিষ্ঠা দিৱস শনিবাৰে ব্যাপক উলহ-মালহেৰে অনুষ্ঠিত পালন কৰা হয়৷ শিক্ষানুষ্ঠানখনৰ চৌহদত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা শুভাংকাক্ষীসকলৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷
কাৰ্যসূচী অনুসৰি পুৱা ৰাইদঙীয়া শংকৰদেৱ বিদ্যা নিকেতনৰ জ্যেষ্ঠ শিক্ষক প্ৰভাত বৰাই পতাকা উত্তোলন কৰাৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হয়৷ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ আব্দুল ৰহিমৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত শিক্ষক প্ৰভাত বৰা, ছফিকুল ইছলাম, মজিবুৰ ৰহমান, আব্দুল মতালিব আৰু আব্দুল জলিলকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট লোকে ছাত্ৰ-ছাত্ৰীৰ সাৰুৱা ভাষণ আগবঢ়ায়৷
সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ঘোষা, জিকিৰ, গীত আৰু নৃত্য আদি পৰিবেশন কৰি সভাৰ উপস্থিত লোকসকলক আপ্লুত কৰে৷ সভাত ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক মূল্যায়ণৰ ফলাফল ঘোষণা কৰা হয়৷