ডুমডুমা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি

তিনিচুকীয়াঃ উজনি অসমৰ পূৱ প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ডুমডুমা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী আজি বৰ্ণিল ৰূপত সামৰণি পৰে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সমন্বিতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় য'ত সমগ্ৰ ডুমডুমা অঞ্চলত সিঁচৰতি হৈ থকা বিভিন্ন জাতি-জনজাতিৰ থলুৱা কৃষ্টিৰ লগতে বিভিন্ন গীত-মাতেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷

প্ৰায় ডেৰ সহস্ৰাধিক লোকৰ সহযোগত উলিওৱা এই শোভাযাত্ৰাত মৰাণ, মটক, আদিবাসী, সোণোৱাল কছাৰী, গোৰ্খা,ইছলামিক, দেউৰী, বেংগলী, ভোজপুৰী, চাহ-জনজাতি (উৰিয়া) সম্প্ৰদায়ৰ বিভিন্ন লোকে স্বতঃস্ফূৰ্ত ভাৱে যোগদান কৰা পৰিলক্ষিত হয় ৷ ডুমডুমা মহাবিদ্যালয় অধ্যক্ষ ড৹ প্ৰকাশজ্যোতি বৰঠাকুৰৰ বিহু গীতৰ তালে তালে মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ নাচোনৰ ছন্দত যেন ডুমডুমা মহাবিদ্যালয়খনে পুনৰ ষোড়শী গাভৰুৰ ৰূপ পাই প্ৰাণ টাকি নাচে৷

মুকলি সভাত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বৰা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বুধিন গগৈকে ধৰি অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, উজনি অসমৰ উত্তৰ পাৰৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়ত শিক্ষাৰ্থী অনুযায়ী আসন উপলব্ধ নোহোৱাত বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে৷ চলিত বৰ্ষৰ লগতে বিগত কেইবাটা শৈক্ষিক বৰ্ষত শ্ৰেণীকোঠাৰ অভাৱত বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব নোৱাৰাত অঞ্চলটোত সৃষ্টি হৈ আহিছিল এক অবাঞ্চিত পৰিস্থিতি৷

আজি মহাবিদ্যালয়খনৰ নৱনিৰ্মিত পুথিভঁৰাল আৰু জলপান গৃহৰ দ্বাৰ উদ্বোধন কৰা ৰাইজৰ প্ৰতিনিধি ক্ৰমে প্ৰদান বৰুৱা আৰু বলিন চেতীয়াক এই বিষয়ে অৱগত কৰাত দুয়োজন প্ৰতিনিধিয়ে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰা হ'ব বুলি মত ব্যক্ত কৰে ৷ তদুপৰি চাহ নগৰী ৰূপে খ্যাত ডুমডুমা অঞ্চলত অৱস্থিত ডুমডুমা মহাবিদ্যালয়খনে আগন্তুক দিনত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই শিক্ষাৰ বাটতো অধিক কটকটীয়া কৰি সোণালী জয়ন্তী বৰ্ষৰ পৰাই সোণালী আখৰেৰে লিপিবদ্ধ হ'ব বুলি নেতাদ্বয়ে আশা প্ৰকাশ কৰে৷