
বালিপৰাঃ ৰাজ্যত এতিয়া এটা বন বিভাগ আছে বুলি কব নোৱাৰি৷ বন বিভাগৰ মন্ত্ৰীগৰাকীয়ে সময়ে সময়ে বৰ কথা কয় যদিও কামত তেনে পাৰ্গতালি দেখা নাযায়৷ মাথো বৰ বৰ কথা কৈ বনজ সম্পদ ৰক্ষা কৰিব নোৱাৰি সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল শোণিতপুৰ জিলাত৷
শনিবাৰে নিশা ১ বজাত হাতীৰ আৰ্তনাদত কপি উঠিছিল শোণিতপুৰ জিলাৰ বামগাঁও চাহবাগিচা অঞ্চল৷ কিয়নো ৰেলৰ সন্মুখত পৰিছিল এটি হাতীৰ জাক। ৰেলৰ খুন্দাত ছিন্ন-ভিন্ন হৈ পৰিছিল ৬টাকৈ হাতী।
বৃহৎ এটি হাতীৰ জাক লেৰ লাইন পাৰ হ’ব খোজেতেই এখন ৰেলৰ সন্মুখত পৰে হাতীৰ জাকটোৱে৷ ৰেল খনে এটি পোৱালী সহ ছয়টা বনৰীয়া হাতীক মহটিয়াই নিয়ে৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকক বন বিভাগে নিৰীক্ষণ নকৰাত ফলতে এনে ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে৷
শুই থকা বন বন বিভাগে ৰক্ষা হাতী ৰক্ষা কৰিব নোৱাৰাৰ ফলতে এতিয়া প্ৰতিদিনে ৰাজ্যত হাতী মৰিব ধৰিছে৷ যাৰৰ ফলত শোণিতপুৰৰ বালিপৰাৰ ৰাইজ ক্ষোভিত হৈ পৰে৷ নিশা প্ৰায় ১ বজাত ৰেলৰ খুন্দাত মৃত্যু হয় ৬টাকৈ হাতী৷ হাতী মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা শোণিতপুৰৰ বালিপৰাত সংঘটিত হ’ল এই অঘটন। বালিপৰাত নিশা ১ বজাত ট্ৰেইনৰ খুন্দাত মৃত্যু হয় ছয়টাকৈ বনৰীয়া হাতীৰ।
উজনিমুৱা নাহৰলগুন ইন্টাৰচিটিৰ খুন্দাত মৃত্যু হয় ছয়টাকৈ বনৰীয়া হাতীৰ। নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰামতে, বনাঞ্চলৰ পৰা নিশা খাদ্যৰ সন্ধানত অহা এজাক বনৰীয়া হাতীয়ে বামগাঁও চাহবাগিচাৰ মাজেৰে পাৰ হৈ যোৱা ৰেল লাইন পাৰ হ’ব ধৰোতেই উজনিমুৱা-গুৱাহাটি নাহৰলগুন ইন্টাৰচিটি ট্ৰেইনখনৰ খুন্দাত এটি কণমানি পোৱালি সহ ছয়টাকৈ হাতীৰ কৰুণ মৃত্যু হয়৷
আনহাতে এই খবৰ অঞ্চলটোত বিয়পি পৰাত লোকে লোকাৰণ্য হৈ পৰে বামগাঁও চাহ বাগিচা৷ একাংশ লোকে গামোচা, ফুলেৰে হাতী কেইটাক শ্ৰদ্ধা যাচে৷ একাংশ লোকে হাতী কেইটাক চুই চাই মৰ্মাহত হৈ পৰে৷