কামপুৰত বনৰীয়া হাতীৰ মৃত্যু

কামপুৰঃ শোণিতপুৰৰ বালিপৰাত ৰেলে ৬টাকৈ হাতীৰ মৃত্যুৰ হোৱাৰ লগতে নগাঁও জিলাৰ কঠিয়াতলীত এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ শোণিতপুৰৰ বালিপৰাক ৬টাকৈ হাতীৰ মৃত্যু হোৱাৰ লগতে নগাঁও জিলাৰ কঠিয়াতলী কাফিতলীত পুৱাই একাংশ লোকে এটি প্ৰকাণ্ড হাতীৰ পৰি থকা প্ৰত্যক্ষ কৰে৷

পিছত হাতীটোৰ মৃত্যু হোৱা বুলি থিৰাং হয় ৰাইজ৷ ৰাইজে মাইকী হাতীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে। জানিব পৰা মতে, পাহাৰৰ পৰা নামি আহা বন্যহস্তীৰ জাকে কন্দলী অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে।