ৰাইদঙীয়াত ২০ জানুৱাৰীত উন্মোচন হ’ব সুধাকণ্ঠৰ আৱক্ষ মূৰ্ত্তি

জাজৰিঃ নগাঁও জিলাৰ ৰাইদঙীয়াত অহা ২০ জানুৱাৰীত সৌৰভ ভৱন প্ৰাংগণত বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান 'আড্ডা' আৰু সংগীত কাননৰ উদ্যোগত আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হ’ব৷

শনিবাৰে নিৰ্মাণ সমিতিৰ সভাপতি নৱকমল ৰাজাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বৰৰাইদঙীয়া, সোণাৰীচুক, দেউৰীচুক, ভৰালীচকু ৰাস উদযাপন সমিতিয়ে আৱক্ষ মূৰ্ত্তি নিৰ্মাণৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷ ৰেনু বৰদলৈ, তৃষ্ণা শইকীয়া, বিনু হাজৰিকা, চেনীমাই বৰদলৈয়ে আদি কৰি এটি সঁজাতি দলে ৰাস উদযাপন সমিতিৰ ৰাহি হোৱা ধনৰ কিয়দাংশ আৱক্ষ মূৰ্ত্তি নিৰ্মাণ সমিতিক অৰ্পণ কৰে।

আৱক্ষ মূৰ্ত্তি উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ড০ অমৰজোতি চৌধুৰী আৰু ড০ অঞ্জনজোতি চৌধুৰী উপস্থিত থাকিব বুলি নিৰ্মাণ সমিতিয়ে জানিবলৈ দিয়ে৷