
ওদালগুৰিঃ নিজ জাতি, মাটি, আপোন মানুহৰ বাবে প্ৰাণ বিসৰ্জণ দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে৷ প্ৰাণ গলে যাব পাৰে কিন্তু জাতিৰ সৈতে আপোচ কৰা নহ’ব বুলি ঘৰৰ পৰা ওলাই আহি শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ৷ জাতি ৰক্ষাৰ স্বাৰ্থত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোক ৰাজ্যবাসীয়ে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।
সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো দেওবাৰে শ্বহীদ দিৱস পালন কৰা হয়। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ওদালগুৰি শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰে।
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে, পুৱা ৯.১৫ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰে, পুৱা ৯:৩০ বজাত প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি মূৰ্ত্তিত পুষ্পাঞ্জলি তথা ফুলাম গামোচা প্ৰদান কৰে আঞ্চলিক সমিতিৰ সহঃ সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে, সন্ধিয়া ৫বজাত প্ৰাক্তন আছুকৰ্মী তথা অঞ্চলটোৰ বিভিন্ন লোকে স্থানীয় শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে৷
আনহাতে হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই হৰিশিঙা অঞ্চলৰ মাজমজিয়াৰ শ্বহীদ বেদী প্ৰাগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসটি পালন কৰে। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিকাশ শৰ্মাই, ৯.১৫ বজাত শ্বহীদ তৰ্পনৰ লগতে শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি মণ্টু দাসে, সন্ধিয়া ৫বজাত প্ৰাক্তন আছুকৰ্মী তথা অঞ্চলটোৰ বিভিন্ন লোকে দ্বাৰা স্থানীয় শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে৷